spot_img
24.2 C
Guwahati
Friday, September 17, 2021
spot_img
HomeUncategorizedঅনলাইন সুৰা বিক্ৰী ৰাজপত্ৰিত জাননী জাৰি; কেনেকৈ গ্ৰাহকলৈ উপলদ্ধ হ'ব সুৰা?

অনলাইন সুৰা বিক্ৰী ৰাজপত্ৰিত জাননী জাৰি; কেনেকৈ গ্ৰাহকলৈ উপলদ্ধ হ’ব সুৰা?

গুৱাহাটী : অনলাইন সুৰা বিক্ৰী সম্পৰ্কে ৰাজপত্ৰিত জাননী জাৰি৷ কেনেকৈ অনলাইনত বিক্ৰী কৰা হ’ব সুৰা তাৰ বিতং তথ্য৷ জাননী অনুসৰি, আবকাৰী বিভাগৰ ওচৰত পঞ্জীয়ন কৰিব লাগিব বিপণীয়ে৷ নিৰ্দিষ্ট অনলাইন প’ৰ্টেলত নাম, বয়সৰ প্ৰমাণ দিব লাগিব গ্ৰাহকে৷ অনুজ্ঞাপত্ৰ থকা সুৰা বিপণীয়েহে পাব অনলাইন বিক্ৰীৰ সুবিধা৷ এপযোগে বিক্ৰী কৰিব পাৰিব বিদেশী সুৰা৷ শিক্ষানুষ্ঠানৰ হোষ্টেল, চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, ধৰ্মীয় স্থানত ডেলিভাৰী নহ’ব সুৰা৷ এজন গ্ৰাহকে সৰ্বাধিক ৩ লিটাৰ পৰ্যন্ত অৰ্ডাৰ দিব পাৰিব৷

ডেলিভাৰী এজেণ্টে ৯ লিটাৰ পৰ্যন্ত কঢ়িয়াব পাৰিব সুৰা৷ অৰ্ডাৰ দিওতেই আদায় দিব লাগিব সুৰাৰ মূল্য৷ পুৱা ১১–নিশা১০ বজালৈ থাকিব অনলাইন ডেলিভাৰীৰ সুবিধা৷ অৰ্ডাৰ দিয়াৰ ২ ঘণ্টাৰ ভিতৰত দিব লাগিব ডেলিভাৰী৷ এমআৰপিতকৈ সুৰাৰ অধিক দাম ল’ব নোৱাৰিব বিপণীয়ে৷ নিৰ্দিষ্ট ডেলিভাৰী চাৰ্জ, ছাৰ্ভিচ চাৰ্জ আদিৰ উপৰি কোনো চাৰ্জ ল’ব নোৱাৰিব৷ ১ কিঃমিঃতকৈ কম দূৰত্বৰ বাবে ৫০টকা অতিৰিক্ত চাৰ্জ দিব লাগিব৷ ১-২ কিঃমিঃৰ ভিতৰত চাৰ্জ হ’ব ৭৫ টকা৷

অৰ্ডাৰ পোৱাৰ ১০ মিনিটৰ ভিতৰত বিপণীয়ে অৰ্ডাৰ গ্ৰহণ কৰিব লাগিব৷ অৰ্ডাৰ বাতিল হ’লে গ্ৰাহকে আন এখন বিপণীৰ পৰা ল’ব পাৰিব সুৰা৷ প্ৰত্যেক বিপণীয়ে সৰ্বাধিক ১০জন এজেণ্ট ৰাখিব পাৰিব৷ প্ৰথমে কেৱল গুৱাহাটী পৌৰ নিগম এলেকাত সীমিত থাকিব এই সুবিধা৷ পৰৱৰ্তী পৰ্যায়ত সমগ্ৰ ৰাজ্যতে উপলব্ধ হ’ল অনলাইন যোগে সুৰা ক্ৰয়ৰ সুবিধা৷ ডেলিভাৰী এজেণ্টৰ তথ্যৰ সবিশেষ জমা দিব লাগিব বিভাগক৷ ডেলিভাৰী এজেণ্টৰ বয়স ২১ বছৰৰ কম হ’ব নোৱাৰিব৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
overcast clouds
24.2 ° C
24.2 °
24.2 °
96 %
0.7kmh
100 %
Fri
24 °
Sat
29 °
Sun
30 °
Mon
31 °
Tue
31 °

Watch latest Movies & TV Series on Prag Play

Most Popular