তাঞ্জানিয়াৰ আব্দুল ৰাজাক গুৰনাহলৈ ২০২১ বৰ্ষৰ সাহিত্যৰ নোবেল বঁটা

0
224
নোবেল বঁটা
তাঞ্জানিয়াৰ আব্দুল ৰাজাক গুৰনাহলৈ ২০২১ বৰ্ষৰ সাহিত্যৰ নোবেল বঁটা

ডিজিটেল ডেস্কঃ ২০২১ বৰ্ষৰ সাহিত্যৰ নোবেল বঁটা ঘোষণা কৰা হ’ল৷ এইবছৰৰ সাহিত্যৰ নোবেল বঁটা তাঞ্জানিয়াৰ লেখক আব্দুল ৰাজাক গুৰনাহক প্ৰদান কৰা হৈছে৷ তেওঁ ‘uncompromising and compassionate penetration of the effects of colonialism and the fate of the refugee in the gulf between cultures and continents’-ৰ বাবে লাভ কৰিছে নোবেল বঁটা৷

গুৰনাহে এতিয়ালৈকে ১০খন উপন্যাস লিখি উলিয়ািছে৷ ৭৩ বছৰীয়া লেখকজনে ১৯৪৮ চনত তাঞ্জানিয়াৰ জাঞ্জিবাৰত জন্ম গ্ৰহণ কৰে৷ বৰ্তমান তেওঁ কেণ্ট বিশ্ববিদ্যালয়ত অধ্যাপনা কৰি আছে। ‘পেৰাডাইজ’(Paradise) আৰু ‘ডিজাৰছন’(Desertion) গ্ৰন্থৰ বাবে আব্দুল ৰাজাক গুৰনাহে বিশ্বজুৰি প্ৰসিদ্ধি লাভ কৰিছিল৷

‘পেৰাডাইজ’ৰ বাবে ১৯৯৪ চনত তেওঁ বুকাৰ বঁটাৰ বাবে মনোনয়ন লাভ কৰিছিল৷ আব্দুল ৰাজাক গুৰনাহে লাভ কৰা সন্মানীয় সাহিত্যৰ নোবেল বঁটাত আছে এটা সোণৰ পদক আৰু ১০ নিযুত চুইডিছ ক্ৰ’নাৰ (১.১৪ নিযুত ডলাৰৰ অধিক)৷