নুমলীগড়ত প্ৰায় শতাধিক বন্যহস্তীৰ উপদ্ৰৱ : আতংকিত অঞ্চলবাসী

গোলাঘাট : দীৰ্ঘদিন ধৰি নুমলীগড়ত বন্যহস্তীৰ উপদ্ৰৱে নিদ্ৰা হৰণ কৰিছে অঞ্চলবাসীৰ৷ নুমলীগড়ৰ  ২ নং দৈগ্ৰোংৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত সোমবাৰে নিশা বন্যহস্তীৰ এটা বৃহৎ জাকে উপদ্ৰৱ চলায় ৷ যাৰ ফলত বহু সময় ধৰি পথটোৰে অহা শ শ যান বাহন আবদ্ধ হৈ তীব্ৰ যানজঁটৰ সৃষ্টি হয় ৷ 

আৰু পঢ়িব পাৰিব: গান্ধীৰ প্ৰতিমূৰ্তিৰ কাষত ওৰেনিশা প্ৰতিবাদ নিলম্বিত সাংসদৰ

প্ৰায় এশৰো অধিক হাতীৰ জাকটো ৰাষ্ট্ৰীয় ঘাইপথটো অতিক্ৰম কৰোতে পথাচাৰীলৈও চোঁচা লয় ৷ দিনত দৈগ্ৰোং চাহ বাগিচাত আশ্ৰয় লৈ থকা হাতীৰ জাকটোৱে সন্ধিয়া হোৱাৰ লগে লগে কাষৰীয়া হালোৱা গাৱঁৰ সজাল ধৰা ধাননি পথাৰত বিস্তৰ ক্ষতি সাধন কৰি মহতীয়াই নষ্ট কৰে ৷ অৱশ্যে কৃষক আৰু স্থানীয় বকিয়াল বনবিভাগৰ যৌথ প্ৰচেষ্টাত পথাৰৰ পৰা উলিয়াই আনিবলৈ সক্ষম হয় যদিও পুণৰ দৈগ্ৰোং চাহ বাগিচাৰ মাজেৰে আহি ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত উপদ্ৰৱ চলাই  ফুলনি গাওঁ , মাধৱপুৰ গাৱঁত ৷

আৰু পঢ়িব পাৰিব: ৰাজ্যসভাৰ পৰা নিলম্বিত : সংসদ চৌহদতে ধৰ্ণাত আঠ সাংসদ

অৱশেষত  বকিয়াল বনবিভাগে হাতীৰ জাকটোক গোবিন্দপুৰ  বাগিচাৰ মাজলৈ খেদি পঠাবলৈ সক্ষম হয় ৷ যোৱা এমাহ ধৰি হাতীৰ এই জাকটো কেবাটাও দলত বিভক্ত হৈ বৃহত্তৰ নুমলীগড় , মৰঙি মৌজাত সন্ত্ৰাস চলাই আহিছে ৷ বন বিভাগক এক ফলপ্ৰসূ ব্যবস্থা গ্ৰহণৰ দাবী জনাইছে অঞ্চলটোৰ ভূক্তভোগী ৰাইজে ৷

Show More

Related Articles

Back to top button
Live Updates COVID-19 CASES