Google search engine
28 C
Guwahati
Thursday, July 29, 2021
Google search engine
Homeব্ৰেকিং নিউজশপত লৈয়ে কি বাৰ্তা দিলে মমতাই, কোনে জনালে শুভেচ্ছা?

শপত লৈয়ে কি বাৰ্তা দিলে মমতাই, কোনে জনালে শুভেচ্ছা?

পশ্চিমবংগ : তৃতীয়বাৰৰ বাবে পশ্চিমবংগৰ মুখ্যমন্ত্রী হিচাপে আজি শপতগ্ৰহণ মমতা বেনাৰ্জীৰ । আজি পুৱা ১০বাজি ৪৫ মিনিটত ৰাজভৱনত শপত গ্ৰহণ কৰে মমতাই। শপতগ্ৰহণৰ বাবে মমতা বেনাৰ্জীক অভিনন্দন প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ। টুইটযোগে প্ৰধানমন্ত্ৰীৰ বাৰ্তা, ‘পশ্চিমবংগৰ মুখ্যমন্ত্রী পদৰ শপত গ্ৰহণৰ বাবে আপোনাক অভিনন্দন মমতা দিদি।’

আৰু পঢ়িব পাৰিব : ৰবীন্দ্ৰ সংগীতক লৈ কাম কৰাৰ ইচ্ছা এগৰাকী শিল্পীৰ…


নিৰ্বাচনত জয়লাভ কৰাৰ পাছত নৰেন্দ্র মোদীয়ে ফোনযোগে শুভেচ্ছা জ্ঞাপন কৰা নাছিল মমতাক। এই লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মমতাই প্ৰকাশ কৰিছিল যে, ‘প্রধানমন্ত্রীয়ে ফোন নকৰা এই প্রথম দেখিলোঁ। হয়তো তেওঁ ব্যস্ত। মোৰ কোনো দুখ নাই। মই টুইট কৰা দেখিছোঁ।’ তেওঁ লগতে কয় যে, ‘উদ্ধব থাকৰে, নবীন পাটনায়ক, ৰজনীকান্ত, অখিলেশ যাদব, অমৰিন্দৰ সিং, কেজৰিৱালে ফোন কৰিছে, বাৰ্তালাপো হৈছে। সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।’

আৰু পঢ়িব পাৰিব : হিংসাজৰ্জৰ বংগ : ‘কনিষ্ঠ ভগ্নী’ মমতালৈ ৰাজ্যপালৰ কঠোৰ বাৰ্তা…


উল্লেখ্য যে, শপতবাক্য পাঠ কৰিয়ে পশ্চিমবংগৰ মুখ্যমন্ত্রীৰ মন্তব্য,‘পশ্চিমবংগত শান্তি বজায় ৰাখক। প্ৰতিহিংসামূলক আচৰণৰ পৰা বিৰত থাকক।শান্তিৰ পৰিৱেশ কোনোবাই বিনষ্ট কৰিলে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ’ব।’ লগতে মমতাই জনায় যে, ‘ইমানদিনে নির্বাচনৰ বাবে ৰাজ্যৰ আইন-শৃংখলা কমিচনৰ আওঁতাত আছিল। এতিয়া ৰাজ্যৰ অধীনলৈ অনা হ’ব।’ ৰাজ্যত হিংসা দমনৰ বাবে তৎপৰ মমতাই মুখ্যমন্ত্রীৰ আসনত বহি প্রথমেই ক’ভিড পৰিস্থিতিৰ প্ৰতি গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে।বুধবাৰে ৰাজভৱনত তেওঁ কয় যে, ‘প্রথমে ৰাজ্যৰ ক’ভিড পৰিস্থিতিৰে মোকাবিলা কৰিব লাগিব।’

RELATED ARTICLES

Today's Weather

Guwahati
mist
28 ° C
28 °
28 °
83 %
1.5kmh
75 %
Thu
28 °
Fri
29 °
Sat
28 °
Sun
29 °
Mon
32 °

Watch latest Movies & TV Series on Prag Play

Most Popular