গছত কঁঠাল ওঁঠত তেল,নপকোতেই চেল বেল! কোহলীক সকীয়নি স্কটিছ স্পিনাৰৰ…

0
9099
কোহলীক
কোহলীক সকীয়নি স্কটিছ স্পিনাৰৰ...

নতুন দিল্লী: প্ৰত্যাহ্বানে দুৱাৰগড়িলা হৈ থিয় দিছে কোহলীৰ সন্মুখত| পাকিস্তান বোলে পাকিস্তান ,এইবাৰ আকৌ স্কটিছ খেলুৱৈৰো সকিয়নী কিং কোহলীক| স্মৰ্তব্য যে, বৰ্তমান বিশ্ব ক্ৰিকেটৰ শ্ৰেষ্ঠ বেটছমেনসকলৰ ভিতৰত অন্যতম সমাদৃত ক্ৰিকেটাৰ গৰাকীয়ে হৈছে বিৰাট কোহলী| গতিকে, এনে সমাদৃত এগৰাকী যুগনায়কৰ উইকেট লোৱাৰ হাবিয়াস প্ৰতিগৰাকী পেচাৰ কিম্বা স্পিনাৰৰে থাকে| এনে গৌৰৱোজ্জল মুহূৰ্তই বহু ক্ৰীড়াবিদৰ জীৱনৰ ছন্দও সলনি কৰাৰ নজিৰ আছে|

শেহতীয়াকৈ, বিৰাট কোহলীৰ উইকেট বিচাৰিছে এগৰাকী স্কটিছ স্পিনাৰে| কোহলীৰ উইকেট পাবলৈ ইচ্ছা স্কটিছ স্পিনাৰ ৱাটৰ| আজি মিৰ’ৰ স্পৰ্টছক দিয়া এক সাক্ষাৎকাৰত ক্ৰিকেটাৰগৰাকীয়ে কয়, ‘চলিত বিশ্বকাপত মোৰ কেইবাটাও পৰিকল্পনা আছে। সপোনো বহুত| বিৰাটে মোৰ বিৰূদ্ধে খেলিব|তেওঁ মোক ভয় কৰা উচিত। কাৰণ,কোহলীৰ উইকেট লাভৰ বাবে মই চেষ্টা কৰিম| ‘ ৱাটে লগতে কয়, ‘মোৰ এনে লাগিছে যেন ভাৰতীয় শিবিৰ এতিয়া আমাক লৈ চিন্তিত,উদ্বিগ্ন| আমি আগেও বহু কাৰনামা কৰিছো| বিশ্ব ক্ৰিকেটক চমক দিছো| বিশ্বৰ শ্ৰেষ্ঠ এদিনীয়া দলকো আমি পৰাস্ত কৰিছো| প্ৰথমখন খেলত বাংলাদেশক পৰাভূত কৰি আমি তাৰ কিঞ্চিত আভাস দিছোৱেই| গতিকে, প্ৰতিপক্ষই আমাক সহজভাৱে লোৱাটো অনুচিত| প্ৰতিপক্ষই আমাক ভয় কৰাহে যুগুত। নকলেও হ’ব-আমি ভাল ফৰ্মত আছোঁ।’

উল্লেখ্য যে,ৱাটে চলিত বৰ্ষৰ টুৰ্ণামেণ্টৰ প্ৰথম পৰ্যায়ত বাংলাদেশৰ বিৰূদ্ধে চমকপ্ৰদ প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হৈছে| ৱাটে বাংলাদেশৰ বিৰূদ্ধে ২২ ৰান সংগ্ৰহ কৰাৰ উপৰি নিৰ্ধাৰিত অ’ভাৰত ১৯ ৰানৰ বিনিময়ত ৪টা উইকেট দখল কৰিছিল। তিনিখন খেলত জয়েৰে স্কটিছ দলটোৱে বিশ্বকাপৰ ছুপাৰ টুৱেলভৰ মূল পৰ্যায়ৰ টিকট পাবলৈ সক্ষম হৈছে। ইয়াত মাৰ্ক ৱাটৰ অবদান অৱশ্যেই অনস্বীকাৰ্য|তেনেস্থলত স্কটলেণ্ডে বিশ্বকাপৰ ছুপাৰ টুৱেলভ ইভেণ্টত ভাল প্ৰদৰ্শন কৰিব বুলি আশাবাদী মাৰ্ক ৱাট| এতিয়া মাৰ্ক ৱাটৰ স্বপ্নপূৰণ হয় নে নহয় সেয়া সময়তহে লক্ষ্যণীয় হ’ব !