spot_img
20 C
Guwahati
20 C
Guwahati
শনিবাৰ, ডিচেম্বৰ 4, 2021
Homeআঞ্চলিকগুৱাহাটীত হ’ব ভাৰতীয় অলিম্পিক সন্থাৰ বাৰ্ষিক সভা ! উপস্থিত থাকিব নীতা আম্বানী

গুৱাহাটীত হ’ব ভাৰতীয় অলিম্পিক সন্থাৰ বাৰ্ষিক সভা ! উপস্থিত থাকিব নীতা আম্বানী

গুৱাহাটী: ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰৰ প্ৰতি কিছু আশাৰ বতৰা কঢ়িয়াই আনিছে অলিম্পিক এছ’চিয়েশ্যনে৷ ভাৰতীয় অলিম্পিক সন্থাৰ বাৰ্ষিক সভা এইবাৰ গুৱাহাটীত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱাৰ পাছতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে অসম অলিম্পিক সন্থাই৷

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ’বলগা অধিৱেশনত ভাৰতৰ সকলো ৰাষ্ট্ৰীয় ক্ৰীড়া সংগঠনৰ শীৰ্ষ বিষয়া উপস্থিত থাকিব৷ মুঠ ৪০টাতকৈ অধিক ক্ৰীড়া ফেডাৰেচনৰ মূল বিষয়া, অলিম্পিক কাউঞ্চিল এছিয়াৰ পৰ্যবেক্ষকৰ উপৰি উপস্থিত থাকিব নীতা আম্বানী৷ মহানগৰীৰ হোটেল ভিভাণ্টা, নভটেলত থাকিব সকলো প্ৰতিনিধিসকল৷

উল্লেখ্য যে, এই বাৰ্ষিক সাধাৰণ সভাই অসমৰ ক্ৰীড়া ক্ষেত্ৰক আগুৱাই নিবলৈ সহায় কৰিব বুলি ধাৰণা কৰা হৈছে৷ ১ ডিচেম্বৰত বাৰ্ষিক সাধাৰণ সভাৰ বাবে এটা সচিবালয় স্থাপন কৰা হ’ব আৰু ১৯ ডিচেম্বৰত অনুষ্ঠিত হ’ব সভাখন৷ অৱশ্যে অসমৰ পৰা লক্ষ্য কোঁৱৰ আৰু তপন দাসৰ দুটা নাম প্ৰেৰণ কৰা হৈছে অলিম্পিক এছ’চিয়েশ্যনলৈ। ভোটৰ তালিকা প্ৰকাশ পালে এই বিষয়ে আলোচনা কৰা হ’ব। যদিহে এই দুটা নাম গৃহীত হয় তেন্তে অসমৰ পৰা প্ৰতিনিধিত্ব কৰা হ’ব অধিৱেশনখন৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular