spot_img
24.4 C
Guwahati
Monday, September 20, 2021
spot_img
Homeব্ৰেকিং নিউজপৰমবীৰ সিঙৰ বিৰুদ্ধে নতুন গোচৰ, বিপদত মুম্বাইৰ প্ৰাক্তন আৰক্ষী আয়ুক্ত

পৰমবীৰ সিঙৰ বিৰুদ্ধে নতুন গোচৰ, বিপদত মুম্বাইৰ প্ৰাক্তন আৰক্ষী আয়ুক্ত

মুম্বাই : মুম্বাইৰ প্ৰাক্তন আৰক্ষী আয়ুক্ত পৰম বীৰ সিঙৰ বিৰুদ্ধে এজন বিল্ডাৰৰ আত্মীয়ৰ পৰা ধন সংগ্ৰহ আৰু মুক্তিপণৰ বাবে অপহৰণ কৰাৰ অভিযোগত আৰু এটা গোচৰ ৰুজু কৰা হৈছে বুলি মুম্বাই আৰক্ষীয়ে সদৰী কৰিছে। শুকুৰবাৰে থানে আৰক্ষী চকীত পঞ্জীয়ন কৰা এফআইআৰ খনত এজন ডিচিপি পদবীৰ বিষয়া আৰু আন ৩ জন অভিযুক্তৰ নাম উল্লেখ কৰা হৈছে বুলি জানিব পৰা গৈছে। গোচৰটোৰ অভিযোগকাৰী শৰদ আগৰৱালে শুক্ৰবাৰে পুৱতি নিশা থানেৰ কোপৰি আৰক্ষী থানাৰ কাষ চাপিছিল।

পূৰ্বতে থানে আৰক্ষী প্ৰধান হিচাপে কাৰ্যনিৰ্বাহ কৰা পৰমবীৰ সিঙৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল শৰদ আগৰৱালে। মুম্বাই আৰক্ষীয়ে ডিচিপি পদবীৰ বিষয়া পৰাগ মানেৰে, সঞ্জয় পুনামিয়া, সুনীল জৈন আৰু মনোজ ঘোটকাৰ বুলি চিনাক্ত কৰিছে।শৰদ আগৰৱালে দাখিল কৰা অভিযোগ অনুসৰি, ‘অভিযুক্ত লোককেইজনে তেওঁৰ পৰা ২ কোটি টকা আদায় দিয়াৰ দাবী জনাইছিল আৰু বলপূৰ্বকভাৱে তেওঁৰ ভূমি অধিগ্ৰহণ কৰিছিল।’উল্লেখ্য যে,বৃহস্পতিবাৰে মুম্বাই আৰক্ষী চকীত এগৰাকী বিল্ডাৰে প্ৰাক্তন আৰক্ষী আয়ুক্ত পৰম বীৰ সিঙৰ বিৰুদ্ধে ধনদাবী, প্ৰৱঞ্চনা, জালিয়াতি আৰু অপৰাধমূলক ষড়যন্ত্ৰৰ অভিযোগত গোচৰ তৰিছিল।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
clear sky
24.4 ° C
24.4 °
24.4 °
92 %
1.1kmh
6 %
Tue
30 °
Wed
27 °
Thu
30 °
Fri
32 °
Sat
33 °

Watch latest Movies & TV Series on Prag Play

Most Popular