spot_img
18.6 C
Guwahati
18.6 C
Guwahati
সোমবাৰ, নৱেম্বৰ 29, 2021
Homeআঞ্চলিকচাকৰিৰ প্ৰলোভনেৰে বৃক্ক কাঢ়িলে এজনৰ: এপিডিচিএলৰ মহা-প্ৰৱন্ধকৰ বিৰুদ্ধে গুৰুত্বৰ অভিযোগ

চাকৰিৰ প্ৰলোভনেৰে বৃক্ক কাঢ়িলে এজনৰ: এপিডিচিএলৰ মহা-প্ৰৱন্ধকৰ বিৰুদ্ধে গুৰুত্বৰ অভিযোগ

ডিজিটেল ডেস্ক: ঠগ-প্ৰৱঞ্চকৰ ছলনাত পৰি হৰলুকি হ’ব পাৰে বহু ধন-সম্পদ৷ কিন্তু এইবাৰ প্ৰৱঞ্চকৰ জালত পৰি নিজৰ দেহৰ অংগই হেৰুৱাবলগীয়া হ’ল এজন যুৱকে৷ এই ঘটনা সংগটিত হৈছে নগাঁৱত৷ এইবাৰ টকাৰ প্ৰলোভন নহয়, চাকৰিৰ প্ৰলোভনৰে বৃক্ক কাঢ়িলে এজন অসমীয়া যুৱকৰ। এই গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে অসম শক্তি বিতৰণ কোম্পানী লিমিটেড (এপিডিচিএল)ৰ মুখ্য মহা প্ৰৱন্ধকৰ বিৰুদ্ধে৷

এপিডিচিএলত চাকৰি দিয়াৰ প্ৰলোভনৰে নগাঁৱৰ হীৰুমণি শইকীয়া নামৰ এজন যুৱকৰ পৰা বৃক্ক আদায় কৰিছিল এপিডিচিএলৰ মুখ্য মহা প্ৰৱন্ধক কৰবী বৰা ডেকাই৷

বিগত ৩১ ডিচেম্বৰত গুৱাহাটীৰ এপ’ল’ হাস্পতালত বৃক্কদান কৰিছিল হীৰুমণিয়ে। বৃক্কদান কৰাৰ পাছৰেপৰাই হীৰুমণিৰ লগত কোনো যোগাযোগ কৰা নাই কৰবী বৰা ডেকাই৷ তাৰপাছতেই কৰবী বৰা আৰু তেওঁৰ স্বামী দীক্তাক বৰাৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰে হীৰুমণিয়ে। এই ঘটনাই এতিয়া ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular