spot_img
20 C
Guwahati
20 C
Guwahati
সোমবাৰ, অক্টোবৰ 25, 2021
Homeআঞ্চলিকঅ'এনজিচিত চুৰি লক্ষাধিক টকাৰ ৰাসায়নিক পদাৰ্থ !

অ’এনজিচিত চুৰি লক্ষাধিক টকাৰ ৰাসায়নিক পদাৰ্থ !

শিৱসাগৰ : কটকটীয়া নিৰাপত্তাৰ পাছতো শিৱসাগৰত পুনৰ সক্ৰিয় হৈছে কেমিকেল চুৰি চক্ৰ৷ অ’এনজিচিৰ কেন্দ্ৰীয় ভড়ালতে কেমিকেল চোৰৰ দপদপনিয়ে উদঙাইছে নিৰাপত্তাৰ ফোঁপোলা স্বৰূপ৷ কেইবালক্ষাধিক টকাৰ ১৪০বেগ বেন্ট্ৰনাইটকে ধৰি ৰাসায়নিক পদাৰ্থৰ বস্তা কেন্দ্ৰীয় ভড়ালৰ পৰাই চুৰি হোৱাৰ পাছত অ’এনজিচি কৰ্তৃপক্ষই এজাহাৰ দাখিল কৰে শিৱসাগৰ সদৰ থানাত৷

উল্লেখ্য যে কেন্দ্ৰীয় ভড়ালৰ নিৰাপত্তাৰ দায়িত্বত চিআইচিএফ, ২৫ নং আইআৰবেটেলিয়নৰ লগতে গৃহৰক্ষী বাহিনী নিয়োজিত হৈ আছিল৷ বহু বছৰ ধৰি অ’এনজিচিৰ তেল, অব্যৱহৃত লোহাৰ লগতে তেল নিষ্কাষণত ব্যৱহাৰ হোৱা ৰাসায়নিক পদাৰ্থৰ এখন ৰমৰমীয়া চোৰাং বজাৰ শিৱসাগৰত চলি আহিছে৷ কিছু বছৰৰ আগত শিৱসাগৰৰ ন পুখুৰীৰ অ’এনজিচিৰ লোহা গোদামৰ চুৰি চক্ৰ এটাক শিৱসাগৰ আৰক্ষীয়ে উৎখাত কৰিছিল৷

আনহাতে নিৰাপত্তা বাহিনীৰ তীক্ষ্ণ নজৰত থকা কেন্দ্ৰীয় ভৰালৰ পৰা অ’এনজিচিৰ বিষয়া আৰু নিৰাপত্তাৰক্ষীৰ সহযোগ অবিহনে কিদৰে বৃহৎ পৰিমানৰ চুৰিকাণ্ড সংঘটিত হ’ল সেয়া বৰ্তমানেও ৰহস্যৰ আৱৰ্ত্তত।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular