--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশৰ ৰাজধানী চহৰত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড। দেশ খনৰ লগ নেৰা হৈছে অপৰাধ মূলক ঘটনাই।এইবাৰ পোহৰলৈ আহিছে শিশু অপৰাধৰ ঘটনা। প্ৰাপ্ত তথ্য অনুসৰি উত্তৰপূব দিল্লীৰ দয়ালপুৰ মাদ্ৰাছাত অধ্যয়নৰত পাঁচ বছৰীয়া শিশুৰ ৰহস্যজনক মৃত্যুৰ খবৰ পোহৰলৈ আহিছে। 

আৰক্ষীৰ সূত্ৰই জনোৱা মতে এই হত্যাকাণ্ডৰ অপৰাধত তিনিগৰাকী নাবালক ছাত্ৰক গ্ৰেপ্তাৰ কৰিছে দিল্লী আৰক্ষীয়ে। গ্ৰেপ্তাৰ হোৱা ছাত্ৰ তিনিজনে  মাদ্ৰাছাৰ পাঠদান বন্ধ কৰিবৰ বাবে ছাত্ৰজনক নিৰ্মমভাৱে হত্যা কৰিছিল,যাতে কেইদিনমানৰ বাবে মাদ্ৰাছাৰ পাঠদান ল’ব লগা নহয় । মৃত শিশুটোৰ ডিঙি, পেট আৰু কঁকালত আঘাত পৰিলক্ষিত হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে।শুকুৰবাৰে নিশা প্ৰায় ৯.৫২ বজাত আৰক্ষীয়ে ব্ৰজপুৰী মাদ্ৰাছাৰ ঘটনা সন্দৰ্ভত খবৰ লাভ কৰিছিল।শনিবাৰে  এই হত্যাকাণ্ডৰ খবৰ ৰাজহুৱা কৰে আৰক্ষীয়ে।মৰণোত্তৰ পৰীক্ষাৰ পাছত ঘটনাৰ সবিশেষ তথ্য জানিব পৰা হব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। গোচৰ  সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। পৰিয়ালৰ লোকে সদৰি কৰা মতে, শিশুটিৰ মাতৃ এগৰাকী বন কৰা মহিলা পিতৃ উত্তৰ প্ৰদেশত কাম কৰে মাহেকত এবাৰ সন্তানৰ ওচৰলৈ আহে। মৃত সন্তানৰ বাদে আৰু দুটা সন্তান মাকৰ লগত থাকে।
 
মাদ্ৰাছা খন প্ৰায় ২৫০ জন ল’ৰাই শিক্ষা গ্ৰহণ কৰে।১৫০ গৰাকী মূলতঃ উত্তৰ প্ৰদেশৰ আৰু বাকীসকল শিক্ষাৰ্থী দিল্লীৰ বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। উল্লেখযোগ্য যে এন.চি.আৰ.বিৰ চি.আই.আই. প্ৰতিবেদনৰ তথ্য মতে ২০১৩ আৰু ২০২২ চনৰ ভিতৰত কিশোৰ অপৰাধৰ সংখ্যা ৪৩,৫০৬ ৰ পৰা ৩০,৫৫৫ লৈ হ্ৰাস পাইছিল। বিগত দহ বছৰত শিশু অপৰাধৰ হাৰ ৩০% হ্ৰাস পাইছে।তালিকাৰ শীৰ্ষত আছে মহাৰাষ্ট্ৰ আৰু মধ্য প্ৰদেশ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০ বছৰে ক’মাত থকাৰ পাছত অৱশেষত মৃত্যুক সাবটিলে 'স্লিপিং প্ৰিন্স' নামেৰে জনাজাত যুৱকজনে
ৰাষ্ট্ৰসংঘৰ মজিয়াত সন্ত্রাসবাদীক মুকলি সমর্থন পাকিস্তানৰ
ধনৰ অবৈধ সৰবৰাহ! ছট্টিশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্রী বাঘেলৰ পুত্ৰক গ্ৰেপ্তাৰ
কাইলৈ শাওণ মাহৰ প্ৰথমটো সোমবাৰ; ব্ৰত ৰখাৰ নিয়ম জানি লওক, নহ'লে পূজা হʼব আধৰুৱা
অলিম্পিকত নাথাকিব ভাৰত-পাকিস্তানৰ মেচ
এছিয়া কাপ ক্রিকেট প্রতিযোগিতাক লৈ অনিশ্চয়তাৰ সৃষ্টি
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে
ধোঁৱাচাঙত ৰাজ্যৰ জলসিঞ্চন বিভাগ ; কামপুৰত বতৰৰ ওপৰত নিৰ্ভৰশীল কৃষকে ৰুব পৰা নাই ভূঁই
পাকিস্তানক সহায়ৰ বাবে আগবাঢ়িছে ভাৰতৰ বন্ধু ৰাষ্ট্ৰ! ঐতিহাসিক চুক্তিত স্বাক্ষৰ...
অখিল গগৈৰ বিৰুদ্ধে মহিলা আয়োগত অভিযোগ দাখিল লাকী গগৈ নামৰ এগৰাকী মহিলাৰ
ঋষভ পন্তে ভংগ কৰিলে এম এছ ধোনীৰ অভিলেখ
৮৭ কোটি টকাত বিক্ৰী হ’ল এটা হেণ্ডবেগ! জানো আহক এই বেগৰ ৰহস্য
কোটিৰ ঘৰৰ পৰা কোটিৰ বাহনলৈ! জানক অনন্ত আম্বানীৰ বিলাসীতাৰ কথা
শুভাংশু শুক্লাৰ ওভতনি যাত্ৰা ; আজি পৃথিৱীত পদার্পণ কৰিব শুভাংশু শুক্লাই