Google search engine
24.6 C
Guwahati
Saturday, July 31, 2021
Google search engine
Homeব্ৰেকিং নিউজকৃষকৰ হিংসাত্মক প্ৰতিবাদত ৩শতাধিক আৰক্ষীৰ জোৱান আহত, গোচৰ ৰুজু

কৃষকৰ হিংসাত্মক প্ৰতিবাদত ৩শতাধিক আৰক্ষীৰ জোৱান আহত, গোচৰ ৰুজু

নতুন দিল্লী : দিল্লী আৰক্ষীয়ে কৃষকসকলৰ গণতন্ত্ৰ দিৱসৰ ট্ৰেক্টৰ ৰেলীৰ সময়ত হোৱা হিংসাৰ বিৰুদ্ধে ২২টা গোচৰ ৰুজু কৰিছে। জানিব পৰা মতে, এই ঘটনাত ৩০০জনৰো অধিক আৰক্ষীৰ লোক আহত হয়৷ ঘটনাসমূহৰ বেছিভাগেই মুকাৰবা চ’ক, গাজিপুৰ, আইটিঅ’, সীমাপুৰী, নাংলোই টি-পইণ্ট, টিকৰি সীমান্ত আৰু লালকিল্লাত সংঘটিত হৈছিল।

আৰু পঢ়িব পাৰিব : বিশিষ্ট ভাষাবিদ-সাহিত্যিক ৰমেশ পাঠকৰ দেহাৱসান…

গাজীপুৰ, টিকৰি আৰু সিংঘু সীমান্তত আৰক্ষীৰ বেৰিকেড ভাঙি দিয়া হৈছিল। আৰক্ষীয়ে ৰুজু কৰা গোচৰত ভালেকেইজন কৃষক নেতাৰ কথা উল্লেখ কৰিছে আৰু এই সন্দৰ্ভত অপৰাধ শাখা আৰু বিশেষ কোষে তদন্ত কৰাৰ সম্ভাৱনা আছে। দিল্লী আৰক্ষীয়েও এই সন্দৰ্ভত এফআইআৰ দাখিল কৰিব। কালিৰ ঘটনাত আঠখন বাছ আৰু ১৭খন ব্যক্তিগত বাহন ভঙা বুলি আৰক্ষী সূত্ৰত প্ৰকাশ।

আৰু পঢ়িব পাৰিব : দিল্লীত কৃষকৰ প্ৰতিবাদৰ সময়তে ট্ৰেক্টৰ বাগৰি পৰাত এজনৰ মৃত্যু

উল্লেখ্য যে, সংযুক্ত কৃষক মৰ্চাই দিল্লী আৰক্ষীৰ সৈতে কেইবাটাও পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰিছিল আৰু প্ৰস্তাৱিত পৰিকল্পনা অনুসৰি শান্তিপূৰ্ণ ৰেলী উলিয়াবলৈ প্ৰতিশ্ৰুতি দিছিল। কিন্তু তেওঁলোকে তেওঁলোকৰ সমদল আৰম্ভ কৰাৰ পাছত নিৰ্ধাৰিত সময়ৰ আগতে আৰু পূৰ্ব নিৰ্ধাৰিত পথৰপৰা বিচ্যুত হোৱাৰ পাছত হিংসা আৰম্ভ হৈছিল।

RELATED ARTICLES

Today's Weather

Guwahati
overcast clouds
24.6 ° C
24.6 °
24.6 °
95 %
0.2kmh
97 %
Sun
29 °
Mon
31 °
Tue
31 °
Wed
32 °
Thu
33 °

Watch latest Movies & TV Series on Prag Play

Most Popular