spot_img
24 C
Guwahati
24 C
Guwahati
মঙলবাৰ, নৱেম্বৰ 30, 2021
Homeক্ৰীড়াকোহলী ব্ৰিগেডৰ আধৰুৱা সপোন পূৰাব বাবৰ বাহিনীয়ে, হওক ক্ৰিকেটৰ জয়

কোহলী ব্ৰিগেডৰ আধৰুৱা সপোন পূৰাব বাবৰ বাহিনীয়ে, হওক ক্ৰিকেটৰ জয়

ডিজিটেল ডেস্কঃ ৰোমাঞ্চকৰ হৈ পৰিছে বিশ্বকাপ, ক্ৰিকেটৰ মহাৰণত মোহাচন্ন সমগ্ৰ বিশ্ব । আৰু মাত্ৰ কেটিমান প্ৰহৰ বাকী। তাৰ পাছতে নিজম পৰি ৰ’ব বিশ্বকাপৰ মঞ্চ। কোন হ’ব চেম্পিয়ন তাৰ কাউণ্টডাউন ইতিমধ্যে আৰম্ভ হৈ গৈছে। চলিত বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰা নিউজিলেণ্ড প্ৰথম দল হিচাপে বিবেচিত হৈছে। উইলিয়ামছন বাহিনীৰ মহা পৰাক্ৰমত ম্লান পৰি ৰল বাটলাৰৰ ইংলেণ্ড। আজিৰ খেলখনত বিজয়ী দলটোৱে ফাইনেলত মুখামুখী হ’ব নিউজিলেণ্ডৰে। অষ্ট্ৰেলিয়া-পাকিস্তানৰ খেলখনক লৈ অনুৰাগীৰ মাজত উত্‍কন্ঠাৰ অন্ত নাই। টি-২০ বিশ্বকাপৰ শেহতীয়া প্ৰদৰ্শনৰ প্ৰতি লক্ষ্য ৰাখি পাকিস্তানেই বিজয়ী হোৱাটো কামনা কৰিছে ক্ৰীড়ানুৰাগীয়ে। ভাৰতক পৰাস্ত কৰি পাকিস্তানে আৰম্ভ কৰিছিল বিশ্বকাপৰ অভিযান। গ্ৰুপ পৰ্যায়ৰ আটাইকেইখন খেলতে বিজয়ী হৈছে পাকিস্তান।

ভাৰতে বিশ্বকাপৰ জয় কৰিব নোৱাৰিলেও পাকিস্তানেই এতিয়া বিশ্বকাপৰ একমাত্ৰ আকৰ্ষণ হৈ দেখা দিছে। অনুৰাগীয়ে বিচাৰিছে পাকিস্তান চেম্পিয়ন হোৱাটো। বিশ্বকাপৰ ট্ৰফীটো এছিয়া মহাদেশতে থকাৰ আশা কৰিছে ক্ৰীড়ানুৰাগীয়ে। কোহলী বাহিনীয়ে নোৱাৰিলেও বাবৰৰ সেনানীয়ে সেই স্বপ্নপূৰণ কৰাক লৈ বাট চাইছে অনুৰাগীয়ে! বাবৰ বাহিনীয়ে পাৰিবনে অনুৰাগীৰ তৃষ্ণা নিবাৰণ কৰিবলৈ সেয়াও কেইটামান মুহূৰ্তৰ ভিতৰতে জলজল-পটপট হৈ পৰিব। মহাতাৰকা ব্ৰায়ান লাৰায়ো পাকিস্তানে বিশ্বকাপ জয় কৰিব বুলি আশাবাদী। অষ্ট্ৰেলিয়াৰ অধিনায়ক এৰন ফিঞ্চেও খেলৰ প্ৰাকমুহূৰ্তত পাকিস্তানৰ বেটিং-বলিংক প্ৰশংসা কৰিছে। তেওঁ কয়, ‘পাকিস্তানে ভাল ক্ৰিকেট খেলিছে। পাৱাৰপ্লে’ত বেটিং আৰু বলিং দুয়োটাতে তেওঁলোকৰ সাফল্যিক গুৰুত্বপূৰ্ণ অৰিহণা যোগাইছে।’ ক্ৰীড়া বিশ্লেষকসকলৰ সমীকৰণত অষ্ট্ৰেলিয়াতকৈ পাকিস্তানকে অগ্ৰাধিকাৰ দিয়া দেখা গৈছে। ভাল ক্ৰিকেটৰ আশা কৰিছে সকলোৱে। ভাৰত-পাকিস্তানৰ খেল বুলি কলে সততে আমাৰ মনলৈ যি ধাৰণা আহে তাক যেন পাহৰি ক্ৰিকেটৰে জয়ৰ কামনা কৰিছে অনুৰাগীয়ে। নিস্বাৰ্থ বিপুল সমৰ্থন লাভ কৰিছে পাকিস্তানে। এতিয়া খেলৰ গতিবিধিয়ে দিকনিৰ্ণয় কৰিব সকলো আলোচনা-পৰ্যালোচনাৰ…

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular