spot_img
19.8 C
Guwahati
19.8 C
Guwahati
শুক্ৰবাৰ, অক্টোবৰ 22, 2021
Homeক্ৰীড়াবিৰিয়ানীৰ এখন বিলে থৰকা-ছুটী হেৰুৱাইছে পাক ব’ৰ্ডৰ, কিন্তু কিয়?

বিৰিয়ানীৰ এখন বিলে থৰকা-ছুটী হেৰুৱাইছে পাক ব’ৰ্ডৰ, কিন্তু কিয়?

নতুন দিল্লীঃ চৰম বিত্তীয় সংকটত পাকিস্তান কিৰ্কেট ব’ৰ্ড। নিৰাপত্তাৰক্ষীক ভৰণ-পোষণ দিবলৈ গৈ মহা বিপদত পিচিবি। শেহতীয়াকৈ বিৰিয়ানীৰ এখন বিলে নিদ্ৰা হৰণ কৰিছে ব’ডৰ। উল্লেখ্য যে, নিউজিলেণ্ডে পাকিস্তানত উপস্থিত হোৱাৰ পাছতো বাতিল হৈ‌ছিল শৃংখলা। পৰৱৰ্তী সময়ত ইংলেণ্ডেও পাকিস্তানলৈ খেলিবলৈ নাযায় বুলি প্ৰকাশ কৰিছিল। পাকিস্তান ক্ৰিকেট বোৰ্ডে দুটাকৈ শৃংখলা হেৰুৱাৰ পাছত এতিয়া বৃহৎ বিত্তীয় ক্ষতিৰ সন্মুখীন হৈছে। বিৰিয়ানীৰ এখন বিলে থৰকা-ছুটী হেৰুৱাইছে পাক ব’ৰ্ডৰ। জানিবলৈ পোৱা মতে, নিউজিলেণ্ড শৃংখলা আয়োজনৰ বাবে পিচিবিয়ে কঠোৰ নিৰাপত্তা সুৰক্ষাৰ ব্যৱস্থা হাতত লৈছিল।

সুৰক্ষিত নিৰাপত্তাৰ উদ্দেশ্যে নিযুক্ত নিৰাপত্তা কৰ্মীসকলৰ বাবে পাক বোৰ্ডে দিনত দুবাৰকৈ বিৰিয়ানী যোগানৰ ব্যৱস্থা কৰিছিল। কিন্তু বিৰিয়ানী নিৰ্মাতাৰ বিল লাভৰ পাছত মূৰত আকাশী সৰগ ভাগি পৰিছে পিচিবিৰ। কেৱল সুৰক্ষা কৰ্মীসকলৰ বিৰিয়ানীৰ বাবদ ব্যয় ২৭ লাখ টকা। কিৱি শৃংখলাৰ বাবে পাক ক্ৰিকেট বোৰ্ডে ৫জন বিশেষ আৰক্ষী আৰু ৫০০ তকৈও অধিক আৰক্ষী কৰ্মী মোতায়েন কৰিছিল। ৰাৱালপিণ্ডীত পাকিস্তানী সৈন্যৰো সহায় লৈছিল পাক ব’ৰ্ডে। কিন্তু আৰক্ষী কৰ্মীক খাদ্য যোগান ধৰিবলৈ গৈ চকু কপালত উঠিছে পাক ব’ৰ্ডৰ। ৰাৱালপিণ্ডী ষ্টেডিয়ামত সম্ভাৱ্য আক্ৰমণৰ খবৰ পাই শৃংখলা বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল নিউজিলেণ্ডৰ ক্ৰিকেটাৰসকলে। দুয়োটা দলে ৰাৱালপিণ্ডীত ৩খন এদিনীয়াৰ লগতে লাহোৰত ৫খন টি-২০ খেলাৰ কথা আছিল।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular