spot_img
11 C
Guwahati
11 C
Guwahati
শনিবাৰ, জানুৱাৰী 29, 2022
Homeআন্তঃৰাষ্ট্ৰীয়ভূতৰ মুখত ৰাম নাম! ভাৰতৰ সৈতে ১০০ বছৰৰ শান্তি বিচাৰিছে পাকিস্তানে

ভূতৰ মুখত ৰাম নাম! ভাৰতৰ সৈতে ১০০ বছৰৰ শান্তি বিচাৰিছে পাকিস্তানে

ডিজিটেল ডেস্কঃ চিৰবৈৰী চুবুৰীয়া দেশ পাকিস্তানে ভাৰতক লৈ এইবাৰ ৰচিছে আন এক নতুন কৌশল। পাকিস্তানৰ এখন বাতৰি কাকতত প্ৰকাশিত প্ৰতিবেদন অনুসৰি, পাকিস্তানে এইবাৰ প্ৰথম ৰাষ্ট্ৰীয় সুৰক্ষা নীতিৰ অধীনত ভাৰত আৰু অন্যান্য নিকটতম চুবুৰীয়া ৰাষ্ট্ৰৰ সৈতে শান্তি স্থাপন কৰিবলৈ ইচ্ছুক। যি পাকিস্তানে কাশ্মীৰৰ সমস্যাৰ নিষ্পত্তি নোহোৱাকৈও নতুন দিল্লীৰ সৈতে বাণিজ্যৰ দুৱাৰ মুকলি ৰাখিছে সেই পাকিস্তানে এতিয়া দ্বি-পাক্ষিক আলোচনাত বহিবলৈও প্ৰস্তুত বুলি জানিবলৈ পোৱা গৈছে। 

বিগত মাহত দেশৰ ৰাষ্ট্ৰীয় সুৰক্ষা সমিতি আৰু কেবিনেটে পৃথকে পৃথকে সমৰ্থন কৰা ৰাষ্ট্ৰীয় সুৰক্ষা নীতিৰ আওতাত পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে আনুষ্ঠানিকভাৱে এই কথা ব্যক্ত কৰিছে। আনহাতে, এক্সপ্ৰেছ ট্ৰিবিউন বাতৰি কাকতৰ এক প্ৰতিবেদন অনুসৰি, নতুন ৰাষ্ট্ৰীয় সুৰক্ষা নীতিৰ অধীনত তাৎক্ষণিকভাবে চুবুৰীয়া ৰাষ্ট্ৰৰ সৈতে শান্তি আৰু অৰ্থনৈতিক কূটনীতি আদি বিষয়সমূহ পাকিস্তানৰ বৈদেশিক নীতিৰ মূখ্য বিষয় হ’ব বুলি প্ৰকাশ পাইছে। পাকিস্তানৰ এই প্ৰস্তাৱত ভাৰতৰ লগতে অন্যান্য চুবুৰীয়া ৰাষ্ট্ৰ সমূহে কি পদক্ষেপ গ্রহণ কৰে সেয়া সময়তহে হ’ব লক্ষ্যণীয়

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular