spot_img
17 C
Guwahati
17 C
Guwahati
শনিবাৰ, ডিচেম্বৰ 4, 2021
Homeক্ৰীড়াআলিবাটত চালি ধৰি বিপদত ভাৰত! দলীয় অন্তকন্দলত বিভক্ত টীম ইণ্ডিয়া...

আলিবাটত চালি ধৰি বিপদত ভাৰত! দলীয় অন্তকন্দলত বিভক্ত টীম ইণ্ডিয়া…

নতুন দিল্লীঃ বিপদাপন্ন ভাৰত। বিশ্বৰ অন্যতম শক্তিশালী দুৰ্গটোত এতিয়া উঠিছে কঁপনি । একেৰাহে দুখন মেচ হেৰুৱাই টি-২০ বিশ্বকাপৰ পৰা বিদায় সমাগত ভাৰত ৰ! বিদায়ৰ পূৰ্বে আহিছে চাঞ্চল্যকৰ খবৰ।ভাৰতীয় দলত মেলিছে ফাট! সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি ভাৰতীয় শিবিৰ এতিয়া দুটা ভাগত বিভক্ত হৈছে। প্ৰাক্তন পাকিস্তানী তাৰকা পেচাৰ ছেৱাইব আখটাৰে কৰিছে এই মন্তব্য। নিউজলেণ্ডৰে পৰাজয়ৰ পাছতে ভাৰত ক উভতি ধৰিছিল পাকিস্তানৰ পেচাৰজনে। পাকিস্তানৰ প্ৰাক্তন পেচাৰগৰাকীৰ মতে, বিচৰামতে সমৰ্থন লাভ কৰা নাই বিৰাট কোহলীয়ে। নিজ দলৰ মাজতে মেলিছে ফাট। এটা পক্ষই যদি বিৰাট কোহলীক বিচাৰে আনটো পক্ষই আকৌ বিৰাট বিৰোধী।

তাতেই মুখ থেকেচা খাইছে ভাৰতে।’ পাকিস্তানৰ বিৰুদ্ধে ১০উইকেট, নিউজিলেণ্ডৰ বিৰুদ্ধে ৮ উইকেটৰ ব্যৱধানেৰে লজ্জাজনক বিশ্বকাপৰ অভিযান আৰম্ভ কৰিছে ভাৰতে। ছোৱেইবে কয়, ‘আমি দলটোত দুটা ভাগ কিয় দেখিছোঁ? এটা দল কোহলীৰ সৈতে আছে, আনটো বিৰোধী। এটা দল দুই ভাগত বিভক্ত। অধিনায়ক হিচাপে অন্তিমখন টি-২০ বিশ্বকাপৰ কাৰণেও এনে হ’ব পাৰে।কোহলীয়ে ভুল সিদ্ধান্ত লৈছিল হয়। কিন্তু তেওঁ এজন মহান ক্ৰিকেটাৰ, আমি তেওঁক সন্মান কৰা উচিত।’ দলে যিবোৰ পৰিকল্পনা হাতত হ’ব লাগিছিল সেয়া নললে। একপ্ৰকাৰ আলিবাটত চালি ধৰা বুলিয়েই ছোৱেইবে কটাক্ষ কৰিছে ভাৰতীয় টীম মেনেজমেণ্টক। টছত পৰাজিত হোৱাৰ পাছত ভাৰতীয় দলৰ মুখমণ্ডল শেতা পৰি গৈছিল। খেল আৰম্ভ নহওতেই কোহলী পৰাজিত হৈছিল বুলিও মন্তব্য পাক তাৰকাগৰাকীৰ। ছোৱেইব আখতাৰৰ এই মন্তব্যৰ পাছতে সামাজিক মাধ্যমত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ পাইছে। ইফালে, ভাৰতে বুধবাৰে আফগানিস্তানৰ বিৰুদ্ধে তৃতীয়খন খেলত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। পৰৱৰ্তী তিনিখন মেচ জিকিলেও, ছেমিফাইনেলত প্ৰৱেশৰ পথ ৰুদ্ধ হৈ পৰিছে ভাৰতৰ বাবে।অৱশ্যে, আন দলৰ কৃপাদৃষ্টি লাভ কৰিলে কপাল ফুলাৰ আশা আছে ভাৰতৰ। পাকিস্তান-নিউজিলেণ্ডৰ হাতত পৰাস্ত হোৱাৰ পাছত ২০০৭চনৰ টি-২০ বিশ্বকাপৰ চেম্পিয়ন ভাৰতে এইবাৰ ছেমিফাইনেলত প্ৰৱেশৰ বাবে আন দলৰ ওপৰত বিৰ্ভৰ কৰিবলগীয়া হৈছে। ইয়াৰ পূৰ্বে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট প্ৰতিযোগিতাত ভাৰতৰ এনে অৱস্থা কাহানিও হোৱা নাছিল! ভাৰতৰ এই বিফলতাৰ বিভিন্ন ধৰণে বিশ্লেষণ কৰা হৈছে। প্ৰাক্তন ক্ৰিকেটাৰসকলে বিভিন্নধৰণে বিশ্লেষণ কৰি আছে,ব্যক্ত কৰিছে নানা প্ৰতিক্ৰিয়া। কোহলী-ৰোহিত-ৰাহুল-যশপ্ৰীত বুমৰাহৰ প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰি চলিছে নিৰন্তৰ গৱেষণা।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular