spot_img
13 C
Guwahati
13 C
Guwahati
শুক্ৰবাৰ, জানুৱাৰী 28, 2022
Homeক্ৰীড়াকাৰ মন হৰিলে মাহীয়ে? আপ্লুত ক্ৰিকেটাৰে কি ক’লে ধোনী প্ৰসংগত?

কাৰ মন হৰিলে মাহীয়ে? আপ্লুত ক্ৰিকেটাৰে কি ক’লে ধোনী প্ৰসংগত?

নতুন দিল্লীঃ ক্ৰিকেটত বন্ধুত্ব আৰু প্ৰেমেই সকলো। এই বান্ধোনৰ কোনো সীমনা নাই। শেহতীয়াকৈ পুনৰ এই কথাই প্ৰমাণিত হ’ল। মহেন্দ্ৰ সিং ধোনীয়ে স্বাক্ষৰ কৰা তেওঁৰে নামাংকিত জাৰ্ছী উপহাৰ হিচাপে লাভ কৰিছে পাকিস্তানী ক্ৰিকেটাৰ হেৰিছ ৰৌউফে। ভাৰতীয় ক্ৰিকেটৰ যুগদ্ৰষ্টা ধোনীৰ পৰা এই উপহাৰ লাভ কৰি আপ্লুত ৰৌউফে টুইটাৰত এখন ছবি পোষ্ট কৰিছে।
চেন্নাই চুপাৰ কিংছৰ হালধীয়া জাৰ্ছীত স্বাক্ষৰ কৰি ৰৌউফলৈ উপহাৰ ধোনী ৰ।

এক টুইটযোগে ৰৌউফে লিখিছে, ‘কিংবদন্তী তথা কেপ্টেইন কুল মহেন্দ্ৰ সিং ধোনী য়ে এই ধুনীয়া জাৰ্ছীটো প্ৰেৰণ কৰি মোক সন্মান জনাইছে। ‘সাত নম্বৰ’ জাৰ্ছীয়ে এতিয়াও তেওঁৰ মহানুভৱতা আৰু মৰমেৰে আমাৰ সকলোৰে মন জয় কৰি আহিছে। চেন্নাই চুপাৰ কিংছ, বিশেষকৈ আপোনাৰ কাষত থিয় হৈ থকাৰ বাবে তেওঁলোককো অশেষ ধন্যবাদ।’ বিগ বেছ লীগত খেলিবলৈ যোৱা ৰৌউফ বৰ্তমান অষ্ট্ৰেলিয়াত আছে। শেহতীয়াকৈ, টি-২০ বিশ্বকাপত পাকিস্তানে ছেমিফাইনেলত উপনীত হোৱাত তেওঁৰ অৱদান অনস্বীকাৰ্য। পাকিস্তানৰ হৈ দ্বিতীয় সৰ্বাধিক উইকেট সংগ্ৰহকাৰী হিচাপেও খ্যাতি অৰ্জন কৰিছে ৰৌউফে। ৰৌউফৰ উন্নত প্ৰদৰ্শনে এতিয়া সকলোৰে দৃষ্টি কাঢ়িছে।

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular