spot_img
17 C
Guwahati
17 C
Guwahati
সোমবাৰ, নৱেম্বৰ 29, 2021
Homeআঞ্চলিকসাংসদ পল্লৱ আমাৰ নেতা নহয় ! কোনে কিয় ক'লে ?

সাংসদ পল্লৱ আমাৰ নেতা নহয় ! কোনে কিয় ক’লে ?

ডিজিটেল ডেস্ক : শাসকীয় দলৰ সাংসদ পল্লৱলোচন দাসৰ বিৰুদ্ধে সৰৱ হৈ উঠিল এগৰাকী আদিবাসী নেত্ৰী৷ বিজেপি চৰকাৰৰ বিৰুদ্ধে বিধায়কৰ সন্মুখতে ক্ষোভ প্ৰকাশ কৰাই নহয় সাংসদ পল্লৱলোচন দাসকো তুলা-ধুনা দিলে আদিবাসী নেত্ৰী লক্ষ্মী ওৰাঙে৷ “পল্লব লোচন দাস আদিবাসী নেতাও নহয়, চাহজনগোষ্ঠীৰো নেতাও নহয়৷ বেলেগৰ ইজ্জত লৈ তুমি সাংসদ হৈছা৷”-এই মন্তব্য আদিবাসী নেত্ৰীগৰাকীৰ৷

আজি বিশ্বনাথৰ কুঁৱৰী গাঁৱৰ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ(আছা) বিশ্বনাথ আঞ্চলিক সমিতি, আদিবাসী আইকন লক্ষ্মী ওৰাংৰ উদ্যোগত আৰু আদিবাসী ৰাইজৰ সহযোগত ১৪তম আদিবাসী অধিকাৰ দিৱসৰ লগতে প্ৰায় ৫০০০ গচ বন্তি জ্বলাই জাতিৰ বাবে শ্বহীদ হোৱা সকললৈ শ্ৰদ্ধাঞ্জলী জনায় দিৱস উদযাপন কৰে ৷ উক্ত অনুষ্ঠানটোত উপস্থিত থাকে বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰো৷

অনুষ্ঠানত নিজৰ বক্তব্যত লক্ষ্মী ওৰাঙে কয় যে, “যিজন এতিয়া সাংসদ হৈছে বা বিধায়ক হৈছিল এটা সময়ত পল্লৱলোচন দাসে মোক লৈ তেওঁ সাংসদ হ’ল, কিন্তু আজিলৈকে এদিনো মোৰ খবৰ লোৱা নাই…৷ আজিলৈ এদিনো কোৱা নাই যে লক্ষ্মী ওৰাং কেনে আছা? বেলেগৰ ইজ্জত লৈ তুমি সাংসদ হৈছা…তেখেত আদিবাসী নেতা নহয় নহয়ে, চাহজনগোষ্ঠীৰো নেতা নহয়৷”

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular