spot_img
17 C
Guwahati
17 C
Guwahati
বুধবাৰ, ডিচেম্বৰ 1, 2021
Homeআঞ্চলিকপানীদিহিঙলৈ ভাবুকী ! কিয় কমিছে পক্ষীকুলৰ আগমন, পৰ্যটকৰ

পানীদিহিঙলৈ ভাবুকী ! কিয় কমিছে পক্ষীকুলৰ আগমন, পৰ্যটকৰ

শিৱসাগৰ: উজনি অসমৰ একমাত্ৰ পক্ষীকুলৰ ৰম্যভূমি পানীদিহিং পক্ষী অভয়াৰণ্য। ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰসমূহৰ অন্যতম স্থান শিৱসাগৰৰ ডিমৌৰ চৰগুৱাত অৱস্থিত এইখন পক্ষী অভয়াৰণ্য৷ অভয়াৰণ্যখনৰ ভৌগলিক পৰিসৰ ৩৩.৯৩ বৰ্গ কিলোমিটাৰ। মহাবাহু ব্ৰহ্মপুত্ৰ, উপনদী দিচাং আৰু ডিমৌয়ে আবৰা বিশাল ক্ষেত্ৰত ১৯৯৬ চনত কেন্দ্ৰীয় চৰকাৰে এই পক্ষী অভয়াৰণ্যখন ঘোষণা কৰিছিল।

চীন, থাইলেণ্ড, জাপান আদি বিশ্বৰ বিভিন্ন দেশৰ পৰা খাদ্যৰ সন্ধানত প্ৰতিবছৰে আগমন ঘটিছিল পৰিভ্ৰমী এই পক্ষীকুলৰ। পেলিকান, দেও ৰাজহাঁহ,ৰাজহংস,হাড়গিলা,ধৃতিৰাজ,গঙ্গাচিলনী, কাম চৰাই, বৰটোকোলা,কোকলোঙা, কণামুচৰি, বগলী,গলমণিকা, দলপুঙা আদি বিভিন্ন দেশী-বিদেশী পৰিভ্ৰমী পক্ষীৰ ৰম্যভূমি এই জৈৱ বৈচিত্ৰ্যৰ ক্ষেত্ৰ।

দৰাচলতে এতিয়া পানীদিহিং পক্ষী অভয়াৰণ্যৰ আন্তঃগাঁথনি বুলিবলৈ একো নাই। পৰ্যটক যাবলৈ পথ নথকা কেইটামান পক্ষী নিৰীক্ষণ কেন্দ্ৰৰ বাহিৰে একো নাই অভয়াৰণ্যখনত। টকীয়া, ঝৰঝৰীয়া, শিঙৰাজান, শগুণপৰা,দীঘলী, কান্দুলীজান আদি বিল আৰু জলাশয়েই হ’ল পক্ষীকুলৰ বিচৰণস্থলী। কিন্তু, জলাশয়সমূহ ৰক্ষাৰ বাবে চৰকাৰ তথা বন বিভাগৰ কোনো বিজ্ঞানসন্মত আঁচনি নথকাত ক্ৰমাৎ পক্ষীকুলৰ আগমন হ্ৰাস পাইছে। যাৰ বাবে প্ৰতিবছৰে পানীদিহিঙত কমি আহিছে পক্ষীৰ কোলাহল। শিৱসাগৰ টুৰিষ্ট গাইড এছ’চিয়েচনৰ মতে, পক্ষীৰ সমান্তৰালভাৱে দেশী-বিদেশী পৰ্যটকৰো আগমণ হ্ৰাস পাই আহিছে পানীদিহিঙলৈ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular