spot_img
27 C
Guwahati
27 C
Guwahati
সোমবাৰ, নৱেম্বৰ 29, 2021
Homeআঞ্চলিকসোণোৱাল ডাঙৰীয়া, মনত পৰেনে সন্দিকৈ কলেজৰ পৰিস্মিতাক?

সোণোৱাল ডাঙৰীয়া, মনত পৰেনে সন্দিকৈ কলেজৰ পৰিস্মিতাক?

গুৱাহাটী: মোদী চৰকাৰৰ শাসনকালত নিলাম হৈছে অসমৰ এটাৰ পাছৰ আনটো সম্পদ৷ বহু থলুৱা লোকৰ সংস্থাপনৰ বাট মুকলোৱা কাগজকলৰ নিলামৰ প্ৰস্তুতি প্ৰায় সম্পন্ন হৈ উঠিছে৷ বহু কৰ্মচাৰীৰ পৰিয়াল চলোৱা, সন্তানৰ শিক্ষাগ্ৰহণৰ ক্ষেত্ৰতো বিশেষকৈ ব্যাধি হিচাপে দেখা দিছে এই নিলাম প্ৰক্ৰিয়াই৷ মাহ মাহ ধৰি দৰমহাৰ পৰা বঞ্চিত হোৱা কাগজকলৰ কৰ্মচাৰীৰ দুদৰ্শাৰ কথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আগত তেনে এক ভুক্তভোগী পৰিয়ালৰ সন্দিকৈ কলেজৰ ছাত্ৰী পৰিস্মিতা বুঢ়াগোঁহাইয়ে প্ৰকাশ কৰিছিল৷

পৰিস্মিতাৰ পিতৃ আছিল কাগজকলৰ এগৰাকী কৰ্মচাৰী৷ কাগজকলৰ অকাল মৃত্যুৱে হাজাৰজন কৰ্মচাৰীৰ পৰিয়াললৈ যিদৰে অনাকাংশিত দুৰ্যোগ কঢ়িয়াই আনিছিল, ঠিক একেদৰে পৰিস্মিতাৰ ঘৰখনলৈও নামি আছিল কঠোৰ জীৱনসংগ্ৰামৰ এক অধ্যায়! এবুকু বেদনাৰ মাজেৰে বিধানসভাৰ কক্ষত উপস্থিত হৈ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰি প্ৰকাশ কৰে দুঃসহ জীৱন সংগ্ৰাম৷

‘কাগজকল পুনৰুজ্জীৱিত কৰক…!’-মাত্ৰ এই আহ্বানেই আছিল পৰিস্মিতাৰ৷ এই আহ্বানক সঁহাৰি জনাই পুনৰুজ্জীৱিত কৰাৰ আশ্বাস দিছিল তেতিয়াৰ মুখ্যমন্ত্ৰীয়েও৷ কিন্তু তাৰ পাছতে চমু চাপি অহা নিৰ্বাচনৰ এক আহিলা হিচাপে লোৱা এই বিষয়টোৱে পৰৱৰ্তী সময়ত সেইসকল কৰ্মচাৰীৰ আৱেগ-অনুভূতিৰ সৈতেহে খেলা কৰিলে৷ বহুলোকে আৰ্থিক দৈন্যতাৰ ফলশ্ৰুতিত চৰম সিদ্ধান্তও গ্ৰহণ কৰিলে৷

বিজেপিৰ নিৰ্বাচনী প্ৰতিশ্ৰুতিৰ তালিকাত স্থান লাভ কৰা কাগজকল পুনৰুজ্জীৱিত বিষয়টোৰ সম্পূৰ্ণ বিপৰীত প্ৰতিচ্ছবিহে পৰিলক্ষিত হৈছে বৰ্তমান সময়ত৷ বন্ধ হৈ থকা নগাঁও আৰু কাছাৰ কাগজকলৰ নিলাম ২৪ ডিচেম্বৰত কৰাৰ বাবে দিন থিৰাং কৰিছে হিন্দুস্তান পেপাৰ নিগমৰ লিকুইডেটৰ কুলদীপ বাৰ্মাই৷ দুয়োটা কাগজকলৰ সংৰক্ষিত মূল্য ৭০০ কোটি টকা নিৰ্ধাৰণ কৰা হৈছে৷ ইপিনে কাগজকলৰ কৰ্মচাৰীসকলৰ পুনৰ সংস্থাপনৰ বাবে ৫৭০ কোটি টকা ধাৰ্য কৰাৰ লগতে কাগজকল দুটাৰ স্থাৱৰ-অস্থাৱৰ সম্পত্তি ক্ৰয়ৰ বাবে ৩০০ কোটি টকাৰ প্ৰস্তাৱ আগবঢ়াইছে৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular