spot_img
27 C
Guwahati
27 C
Guwahati
বুধবাৰ, ডিচেম্বৰ 1, 2021
Homeআঞ্চলিককাগজ কলৰ কৰ্মচাৰীলৈ সুখবৰ মুখ্যমন্ত্ৰীৰ : দুমাহৰ ভিতৰত মোকলাই দিয়া হ'ব ধন

কাগজ কলৰ কৰ্মচাৰীলৈ সুখবৰ মুখ্যমন্ত্ৰীৰ : দুমাহৰ ভিতৰত মোকলাই দিয়া হ’ব ধন

জাগীৰোড : অৱশেষত বন্ধ হৈ থকা কাগজ কলৰ কৰ্মচাৰীলৈ আহিল ভাল খবৰটো ৷ সম্পন্ন হ’ল মুখ্যমন্ত্ৰীৰ সৈতে কৰ্মচাৰীৰ অন্তিমখন বৈঠক ৷ এই বৈঠকত প্ৰায় ৫৭০ কোটি টকা মোকলাই দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

বৈঠকৰ পাছতে কাগজ কলৰ কৰ্মচাৰী সন্দৰ্ভত মুখ্যমন্ত্ৰী শৰ্মাই টুইটযোগে অনাদায় দৰমহা সন্দৰ্ভত বুজাবুজি হোৱা বুলি ঘোষণা কৰে৷ মাজনিশা ২ বজালৈ কাগজ কলৰ কৰ্মীৰ সৈতে ৪ ঘণ্টা ধৰি চলিল মুখ্যমন্ত্ৰীৰ সৈতে বৈঠক৷ কাগজ কলৰ কৰ্মচাৰীৰ দীৰ্ঘদিনীয়া দাবীৰ ক্ষেত্ৰত সমাধান সূত্ৰ ওলোৱা বুলি প্ৰকাশ কৰে টুইটযোগে৷

দুমাহৰ ভিতৰত মুকলাই দিয়া হ’ব ৫৭০ কোটি টকা ৷ এই খৱৰৰ পাছতে এতিয়া স্বস্তিৰ নিশ্বাস এৰিছে নগাঁও আৰু কাছাৰ কাগজ কলৰ কৰ্মচাৰীয়ে ৷ উল্লেখ্য যে কাগজ কলৰ কৰ্মচাৰীক বিগত মাহত আৱাসগৃহ খালী কৰাৰ নিৰ্দেশ দিছিল চৰকাৰে৷ ইয়াৰ পূৰ্বেই কৰ্মচাৰীৰ দৰমহা আদায় দিয়া হ’ব ৷ লগতে ১০০ কৰ্মচাৰীক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰাৰো সিদ্ধান্ত লোৱা হয়৷

কৰ্মচাৰীয়ে ধন লাভ কৰাৰ পাছত খালী কৰিব লাগিব আবাসগৃহ ৷ অৱশ্যে চিকিৎসা-শিক্ষা আদিৰ কাৰণত অতিৰিক্ত এমাহৰ পাছত আবাস এৰিব লাগিব ৷ বেছি দিনলৈ চাকৰিৰ সময়সীমা থকা ১০০ কৰ্মচাৰীক পুনৰ সংস্থাপন কৰা হ’ব ৷ ইয়াৰে নগাঁও কাগজ কলৰ ৪৬ জন, কাছাৰ কাগজ কলৰ ৫০ জন আৰু কলিকতাৰ মূখ্য কাৰ্যালয়ৰ ৪ জন সংস্থাপন ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular