spot_img
18.6 C
Guwahati
18.6 C
Guwahati
সোমবাৰ, নৱেম্বৰ 29, 2021
Homeআঞ্চলিকৰূপালী জয়ন্তী বৰ্ষত পৰাগ দাস সোৱৰণি তৰ্ক প্ৰতিযোগিতা

ৰূপালী জয়ন্তী বৰ্ষত পৰাগ দাস সোৱৰণি তৰ্ক প্ৰতিযোগিতা

ডিজিটেল ডেস্কঃ দেওবাৰে প্ৰাক্তন তাৰ্কিক পৰাগ কুমাৰ দাসৰ সোঁৱৰণত এইবাৰ অন্তিম তৰ্ক প্ৰতিযোগিতা এখনৰ আয়োজন কৰা হৈছে। লগতে উদযাপিত হ’ব ৰূপালী জয়ন্তী বৰ্ষও। ২৫ বছৰীয়া এই গৌৰৱোজ্জল যাত্ৰাক প্ৰতিফলিত কৰাৰ উদ্দেশ্যে আটকধুনীয়া ফটো প্ৰদৰ্শনী অনুষ্ঠান আৰু এখন স্মৰণিকা সাজু কৰা হৈছে। জানিবলৈ পোৱা মতে, অন্তিম পৰাগ কুমাৰ দাস তৰ্ক প্ৰতিযোগিতাত অধ্যক্ষতা কৰিব গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এগৰাকী প্ৰাক্তন ন্যায়াধীশে।

প্ৰতিযোগিতাখনৰ প্ৰতি লক্ষ্য ৰাখি নিমন্ত্ৰিত হৈছে প্ৰতিযোগিতাৰ সকলো প্ৰাক্তন অধ্যক্ষ, প্ৰাক্তন বিচাৰক, প্ৰাক্তন বিজয়ী প্ৰতিযোগী। দেওবাৰ অৰ্থাৎ ২১ নবেম্বৰৰ দিনা এই গৌৰৱোজ্জল যাত্ৰাৰ অংশীদাৰ হ’বলৈ সকলোকে অনুৰোধ জনাইছে অনুষ্ঠানটোৰ কৰ্তৃপক্ষই।

স্থান: ৰবীন্দ্ৰ ভৱন,গুৱাহাটী।
তাং: ২১ নবেম্বৰ, দেওবাৰ।

প্ৰতিযোগিতাৰ সময়: পুৱা ১০:৩০ বজাৰ পৰা।
সামৰণি সভা: বিয়লি ২:৩০ বজাৰ পৰা।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular