spot_img
27 C
Guwahati
Thursday, September 23, 2021
spot_img
Homeআঞ্চলিকপঞ্চভূতত বিলীন পৰিমিতাৰ নশ্বৰ দেহ! মুখাগ্নি কৰিলে কোনে?

পঞ্চভূতত বিলীন পৰিমিতাৰ নশ্বৰ দেহ! মুখাগ্নি কৰিলে কোনে?

গুৱাহাটী: চৌদিশে কেৱল উচুপনি! চিতাৰ জুইয়ে আঁকোৱালি ল’লে পৰিমিতাৰ নিষ্প্ৰাণ শৰীৰ৷ পৰিমিতা দাস গ’লগৈ কেতিয়াও ঘূৰি নহাৰ বাটেৰে৷ মহানগৰীৰ ‘নৱগ্ৰহ শ্মশান’ত মাজুলীৰ ৰঙাচাহী মহাবিদ্যালয়ৰ প্ৰবক্তা পৰিমিতাৰ শৰীৰ অগ্নিশিখাই লৈ গ’ল পৰলোকলৈ৷ মেধাৱী পৰিমিতাৰ জীৱহীন শৰীৰত অগ্নিশিখাই আঁৱৰি ধৰা সময়ত শ্মশানত চৌদিশে দেখা গৈছিল কেৱল উচুপনি৷ টেলিভিছন, ছ’চিয়েল মিডিয়াতো পোনপতীয়াভাৱে সম্প্ৰচাৰিত হোৱা ভিডিঅ’ই সমগ্ৰ ৰাজ্যবাসীকে চকু লোটকেৰে উপচাই পেলাইছিল৷

পৰিমিতা দাস ভগ্নী আৰু মাতৃৰ সৈতে

কান্দিছিল মাজুলীয়ে, কান্দিছিল কটনিয়ানে, কান্দিছিল সেই সকলো লোকে, যাৰ অন্তৰে কৈ গৈছিল অনাকাংক্ষিত আছিল এই মৃত্যু! পৰিমিতাক মুখাগ্নি কৰিলে তেওঁৰ সবাতোকৈ প্ৰিয় তথা মৰমৰ ভগ্নী মধুমিতাই৷ সন্ধিয়া ৭:৩০ বজাত ‘নৱগ্ৰহ শ্মশান’ত মুখাগ্নিৰে চিৰবিদায় মাগিছিল মেধাৱী পৰিমিতাই৷ পৰিমিতাক হেৰুৱাই ভাগি পৰিছে পৰিয়ালবৰ্গ তথা আত্মীয়-স্বজন৷ মাতৃ সীমাৰাণী ভূঞাই বুজাব নোৱাৰা এক অবুজন পৰিস্থিতিৰ সন্মুখীন হৈছিল৷ পিতৃৰ মুখত হেৰাই গৈছিল মাত৷ এই দৃশ্যই সকলোকে মৰ্মাহত কৰিছিল৷

পিতৃ-মাতৃ, ভগ্নীৰ সৈতে পৰিমিতা 

বুধবাৰে সংঘটিত হৈছিল সেই অভিশপ্ত ঘটনাটো৷ বৰলুইতৰ বুকুত মাতৃৰ সন্মুখতে প্ৰাণ হেৰুৱাইছিল পৰিমিতাই৷ বৃহস্পতিবাৰে যোৰহাট চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই মোমায়েকৰ হাতত চমজাই দিছিল পৰিমিতাৰ নশ্বৰ দেহ৷ যোৰহাটৰ পুৰণিগুদামত মোমায়েকৰ ঘৰত শেষ শ্ৰদ্ধাঞ্জলি জনোৱা হৈছিল প্ৰবক্তাগৰাকীক৷ আৰু অৱশেষত সন্ধিয়া গুৱাহাটী মহানগৰীৰ ‘নৱগ্ৰহ শ্মশান’ত চিৰদিনৰ বাবে পঞ্চভূতত বিলীন হ’ল মেধাৱী পৰিমিতা!

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
mist
27 ° C
27 °
27 °
83 %
0kmh
40 %
Thu
26 °
Fri
33 °
Sat
33 °
Sun
33 °
Mon
32 °

Watch latest Movies & TV Series on Prag Play

Most Popular