spot_img
23 C
Guwahati
23 C
Guwahati
সোমবাৰ, জানুৱাৰী 24, 2022
Homeআঞ্চলিকদৰঙত পাঁচেতি উৎসৱ, কোনে প্ৰতিষ্ঠা কৰিছিল ‘খটৰা সত্ৰ’?

দৰঙত পাঁচেতি উৎসৱ, কোনে প্ৰতিষ্ঠা কৰিছিল ‘খটৰা সত্ৰ’?

গুৱাহাটী: পাঁচেতি উৎসৱ হৈছে দৰঙৰ সৰ্বাতোকৈ পুৰণি তথা ঐতিহাসিক উৎসৱ৷ ভাদ আৰু আহিন মাহৰ সংক্ৰান্তিৰ দিনা ‘খটৰা সত্ৰ’ত পাঁচেতি উৎসৱ পালন কৰা হয়। ৪৫২ বছৰীয়া পৰম্পৰাৰে চলিছে এইবৰ্ষৰ পাঁচেতি উৎসৱ৷ এই উৎসৱত ভক্তৰ সমাগমেৰে লোকাৰণ্য হৈ পৰে ঐতিহাসিক ‘খটৰা সত্ৰ’ৰ বাকৰি৷ মহাপুৰুষ মাধৱদেৱৰ শিষ্য গোবিন্দ আতাই ১৫৬৮ চনত খটৰা সত্ৰ প্ৰতিষ্ঠা কৰিছিল।

গোবিন্দ আতা জন্ম হৈছিল ৰঙিয়াৰ লেচাকোনা নামে গাঁৱত। গোবিন্দ আতাই মাধৱদেৱৰ সান্নিধ্যলৈ আহি বৈষ্ণৱ ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে আত্মোৎসৰ্গ কৰিছিল। তেওঁৰ কৰ্মদক্ষতাত সন্তুষ্ট হৈ মাধৱদেৱে তেওঁক ধৰ্ম প্ৰচাৰৰ বাবে সত্ৰ প্ৰতিষ্ঠা কৰিবলৈ দৰঙলৈ যাবলৈ আজ্ঞা দিছিল। সৰ্বশেষত দৰঙলৈ আহি দীপিলাত ‘খটৰা সত্ৰ’ স্থাপন কৰে৷ ধৰ্ম প্ৰচাৰৰ বাবে গোবিন্দ আতাই খটৰা সত্ৰত পোনপ্ৰথমে পাঁচেতি আৰু দধিমথন উৎসৱৰ পৰম্পৰা আৰম্ভ কৰিছিল।

আৰু সেইমৰ্মেই প্ৰতিবছৰে আজি দিনটোত পালন কৰা হয় এই পাঁচেতি উৎসৱ৷ এই উৎসৱত দধিমথনৰ কৃষ্টি, নাম-প্ৰসংগ, পালনাম, লোকগীত, বিভিন্ন ধৰণৰ লোকনৃত্য অনুষ্ঠিত কৰা হয়। দধিমথনত শিশু কৃষ্ণৰ লীলাসমূহ নৃত্য-গীতৰ জৰিয়তে প্ৰদৰ্শন কৰা হয়। ক’ভিডৰ নতুন এছঅ’পি অনুসৰি কেৱল ধৰ্মীয় ৰীতি-নীতিৰে এই বৰ্ষত পাঁচেতি উৎসৱ কিছু অনুষ্ঠুপীয়াকৈ পালন কৰা হয়।

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular