spot_img
17 C
Guwahati
17 C
Guwahati
সোমবাৰ, নৱেম্বৰ 29, 2021
Homeআঞ্চলিকসোণাৰিত যাত্ৰীবাহী বাছ আৰু ডাম্পাৰৰ মুখামুখী সংঘৰ্ষ

সোণাৰিত যাত্ৰীবাহী বাছ আৰু ডাম্পাৰৰ মুখামুখী সংঘৰ্ষ

ডিজিটেল ডেস্ক : এক পথ দুৰ্ঘটনা সংঘটিত হৈছে সোণাৰিত ৷ সোণাৰিৰ ধোদৰ আলি পথত যাত্ৰীবাহী বাছ আৰু ডাম্পাৰৰ মুখামুখি সংঘৰ্ষ হয়। সোণাৰিৰ অভয়পুৰত সংঘটিত হয় এই দুৰ্ঘটনাটো। কথমপি প্ৰাণ ৰক্ষা ২০জনৰো অধিক লোকৰ৷

জানিব পৰা মতে, AS 33 C0357 নম্বৰৰ এখন তীব্ৰবেগী ডাম্পাৰে শিৱসাগৰৰ পৰা সোণাৰি অভিমুখী AS 04 E 0272 নম্বৰৰ বাছখনত সন্মুখৰপৰা খুন্দিওৱাৰ ফলতেই সংঘটিত হয় এই দুৰ্ঘটনা। আঢ়ৈ বছৰীয়া শিশুসহ ২০জন যাত্ৰী গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত হয় ৷

আহতসকলক ৰজাপুখুৰীস্থিত চৰাইদেউ অসামৰিক চিকিৎসালয়ত চিকিৎসাৰ বাবে প্ৰেৰণ কৰে। সোণাৰি আৰক্ষী, সেনাবাহিনীৰ লগতে স্থানীয় ৰাইজৰ তৎপৰতাৰত উদ্ধাৰ কৰা আহতসকলক। বহুকেইজনৰ অৱস্থা সংকটজনক বুলি জানিবলৈ পোৱা গৈছে৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular