Google search engine
28 C
Guwahati
Sunday, August 1, 2021
Google search engine
Homeআঞ্চলিকআজিৰেপৰা ৪ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ চানডুবি উৎসৱ

আজিৰেপৰা ৪ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ চানডুবি উৎসৱ

মিৰ্জা : আজিৰে পৰা আৰম্ভ হৈছে চানডুবি উৎসৱ। দক্ষিণ কামৰূপৰ অসম-মেঘালয় সীমান্তৰ প্ৰকৃতিৰ ৰাণী স্বৰূপ চানডুবিৰ বাকৰিত বিগত বছৰসমূহৰ দৰে এইবেলিও আজিৰে পৰা চাৰিদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে এই চানডুবি উৎসৱ।

আৰু পঢ়িব পাৰিব :ধুবুৰীৰ পৰা শদিয়ালৈ ৯০০ কিল’মিটাৰ পদযাত্ৰা যুৱকৰ

প্ৰতিবছৰৰ দৰে এইবেলিও ৰাভা ছাত্র সন্থাৰ উদ্যোগত তথা স্হানীয় ৰাইজৰ সহযোগত ১পৰা ৪ জানুৱাৰীলৈ চাৰিদিনীয়াকৈ অনুষ্ঠিত হ’ব চানডুবি উৎসৱ। এই চানডুবি উৎসৱৰ শুভ উদ্বোধন কৰিলে ৰাভা হাছাঙৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই। প্ৰথম দিনাখনে পৰ্যটকৰে ভৰি পৰিল চানডুবিৰ বাকৰি।

আৰু পঢ়িব পাৰিব :ক’ভিড বিধি মানি বিদ্যালয়লৈ ঢাপলি কণ-কণ শিক্ষাৰ্থীৰ

বাঁহ, বেত, খেৰ আদি থলুৱা সামগ্ৰীৰে সাজি উলিওৱা বিভিন্ন চাংও ঘৰ, টংঙি ঘৰে আকৰ্ষণ কৰিলে পৰ্যটকক। এই চানডুবি উৎসৱত বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতিৰ নৃত্য-গীত সমূহ প্ৰদৰ্শন কৰা হয়। লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা পৰ্যটকসকলে বিভিন্ন জনজাতীয় পৰাম্পৰাগত থলুৱা খাদ্যৰ জুতি লয়। আনহাতে কোনোৱে চানডুবি বিলৰ বক্ষত নৌকা বিহাৰ কৰি আনন্দ লৈছে।

RELATED ARTICLES

Today's Weather

Guwahati
mist
28 ° C
28 °
28 °
89 %
0kmh
75 %
Sun
28 °
Mon
30 °
Tue
29 °
Wed
31 °
Thu
33 °

Watch latest Movies & TV Series on Prag Play

Most Popular