spot_img
20 C
Guwahati
20 C
Guwahati
শনিবাৰ, ডিচেম্বৰ 4, 2021
Homeআঞ্চলিকমুকলিৰ পূৰ্বেই পিক পেলাই লেতেৰা কৰিলে শিল্পীয়ে আটকধুনীয়াকৈ সজোৱা দিছপুৰ উৰণীয়া সেতু

মুকলিৰ পূৰ্বেই পিক পেলাই লেতেৰা কৰিলে শিল্পীয়ে আটকধুনীয়াকৈ সজোৱা দিছপুৰ উৰণীয়া সেতু

ডিজিটেল ডেস্কঃ যান-যঁট মহানগৰবাসীৰ এক দীৰ্ঘদিনীয়া সমস্যা। বাঢ়ি অহা গাড়ী-মটৰৰ সংখ্যাই ভিৰ বঢ়াইছে পথত। জনসাধাৰণক যান-যঁটৰ পৰা সকাহ দিবলৈ ৰাজ্য চৰকাৰে গুৱাহাটীত শেহতীয়াকৈ নিৰ্মাণ কৰিছে কেইবাখনো ফুট অ’ভাৰব্ৰীজ। নিৰ্মীয়মান অৱস্থাত আছে একাধিক উৰণীয়া সেতু। ইতিমধ্যে নিৰ্মাণ সম্পূৰ্ণ হৈছে দিছপুৰৰ উৰণীয়া সেতুৰ। সেতুখন প্ৰাণ পাই উঠিছে কেইবাজনো উদীয়মান চিত্ৰশিল্পীৰ চিত্ৰকৰ্মত।

নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিছে গুৱাহাটীৰ জিএছ ৰোডৰ দিছপুৰ-খানাপাৰা, ছুপাৰ মাৰ্কেট আৰু লাষ্ট গে’ট সংযোগী উৰণীয়া সেতুখনৰ। সদাব্যস্ত পথছোৱাৰ যান-যঁট কিছু পৰিমানে লাঘৱ হোৱাৰ আশা মহানগৰবাসীৰ। বৃহস্পতিবাৰে দীপাৱলীৰ দিনা মুখ্যমন্ত্ৰীয়ে মুকলি কৰিব উৰণীয়া সেতুখন। উৰণীয়া সেতুখনত ৰহন চৰাইছে কেইজনমান চিত্ৰকৰৰ মনোমোহা চিত্ৰকৰ্মই। নীলিম মহন্তৰ তত্ত্বাৱধানত ‘টীম লিভিং আৰ্ট’ নামৰ চিত্ৰশিল্পীৰ দলটোৱে অংকন কৰিছে এই চিত্ৰসমূহ। আটকধুনীয়াকৈ সজাই পৰাই তোলা হৈছে উৰণীয়া সেতুখন। ইতিমধ্যে মুকলিৰ পূৰ্বে ছেল্‌ফীৰ বাবে হেতা-ওপৰা লাগিছে ছুপাৰ মাৰ্কেট উৰণীয়া সেতুত। সান্ধ্যলোকত ভিৰ কৰিছে অগণন মহানগৰবাসীয়ে। তাৰ মাজতে চিৰপৰিচিত কিছুসংখ্যক ‘পিক আৰ্টিষ্ট’-এ নিজৰ কু-কৰ্মৰ চানেকি তুলিছে নৱনিৰ্মিত উৰণিয়া সেতুখনত। পাণ-গুটখা খাই জধে-মধে পিকাইছে নিশাৰ সুপ্ত মহানগৰীৰ জাগ্ৰত শিল্পীসকলে অংকন কৰা ছবিসমুহৰ ওপৰত। বিগত কেইবাদিন ধৰি ছবিবোৰ অংকন কৰি থকা অৱস্থাত চিত্ৰশিল্পীসকলে ছ’চিয়েল মিডিয়াযোগে বাৰাম্বাৰ উৰণীয়া সেতুখন পিক পেলাই লেতেৰা নকৰিবলৈ অনুৰোধ কৰি আহিছে। তাৰ পাছতো উৰণীয়া সেতুখনত জধে-মধে পিকোৱা কাৰ্যই স্বাভাৱিকতে নিৰাশ কৰিছে চিত্ৰশিল্পীসকলক। লগতে উদঙাইছে পিক আৰ্টিষ্টসকলৰ ডাষ্টবিনসদৃশ মানসিকতা।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular