spot_img
27 C
Guwahati
27 C
Guwahati
সোমবাৰ, নৱেম্বৰ 29, 2021
Homeআন্তঃৰাষ্ট্ৰীয়ৰাখে হৰি মাৰে কোনে! সমুদ্ৰত ভয়ংকৰ বিমান দুৰ্ঘটনা, তথাপি কেনেকৈ ৰক্ষা পৰিল...

ৰাখে হৰি মাৰে কোনে! সমুদ্ৰত ভয়ংকৰ বিমান দুৰ্ঘটনা, তথাপি কেনেকৈ ৰক্ষা পৰিল যাত্ৰীৰ জীৱন?

ডিজিটেল ডেস্ক : মাজে-সময়ে ভয়াৱহ বিমান দুৰ্ঘটনাই সংবাদ শিৰোনাম দখল কৰা দেখা যায়৷ দুখজনক কথাটো হৈছে আধুনিক পৰিবহন ব্যৱস্থাৰ এক গুৰুত্বপূৰ্ণ অংগ বিমান দুৰ্ঘটনাই সৃষ্টি কৰি আহিছে গভীৰ কাৰুণ্য। বেছিভাগ ক্ষেত্ৰতে এনে দুৰ্ঘটনাই বিমানযাত্ৰীৰ প্ৰাণ কাঢ়ি লোৱাৰ বিপৰীতে কেতিয়াবা চমৎকাৰো নঘটা নহয়। তেনে এক চমৎকাৰিত্বৰেই দুৰ্ঘটনাৰ পাছতো বিমানযাত্ৰীৰ জীৱন ৰক্ষা পৰাৰ ঘটনা শেহতীয়াকৈ পোহৰলৈ আহিছে।


শেহতীয়াকৈ অষ্ট্ৰেলিয়াত সংঘটিত হোৱা এটা বিমান দুৰ্ঘটনাই পুনৰ দখল কৰিছে সংবাদ শিৰোনাম৷ খবৰ অনুসৰি, ঘটনাটো সংঘটিত হৈছে অষ্ট্ৰেলিয়াত আৰু শনিবাৰে দুপৰীয়া ৩.৩০ বজাত সংঘটিত হৈছিল ঘটনাটো৷ বিমানখন একেবাৰে সাগৰৰ মাজভাগত দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পাছতো সৌভাগ্যক্ৰমে জীৱন ৰক্ষা পৰে আটাইকেইজন যাত্ৰীৰ৷ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাছত বিমানখনত থকা ইমাৰ্জেঞ্চি এগজিটৰ দুৱাৰেদি যাত্ৰীসহ পাইলটজন জঁপিয়াই পৰে সাগৰত আৰু সাঁতুৰি-সাঁতুৰি তেওঁলোক পাৰলৈ উঠি আহে৷ বিমানখনত পাইলটসহ মুঠ ৫ জন যাত্ৰী আছিল৷ সমগ্ৰ ঘটনাটো অষ্ট্ৰেলিয়াৰ পাৰ্থ সাগৰত সংঘটিত হৈছিল আৰু ভালেমান প্ৰত্যেক্ষদৰ্শী ঘটনাটোৰ সৈতে সাক্ষী হৈ আছে৷ ঘটনাটো বিমানৰ ইঞ্জিন বিকল হোৱাৰ ফলত সংঘটিত হৈছিল বুলি জানিব পৰা গৈছে৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular