Google search engine
28 C
Guwahati
Tuesday, July 27, 2021
Google search engine
Homeব্ৰেকিং নিউজদেশজুৰি 'টিকা উৎসৱ'ৰ দিন ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ !

দেশজুৰি ‘টিকা উৎসৱ’ৰ দিন ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ !

নতুন দিল্লী : কৰ’না পৰিস্থিতি সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে আলোচনাত মিলিত হয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ ভিডিঅ’ কনফাৰেন্স যোগে ৰাজ্যসমূহত কৰ’নাৰ পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে তেওঁ৷ ১১ এপ্ৰিলৰ পৰা ১৪ এপ্ৰিললৈ দেশত হ’ব ‘টিকা উত্সৱ’৷

আৰু পঢ়িব পাৰিব : বাকসাত নৃশংস হত্যাকাণ্ডঃ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য

ক্ষুদ্ৰ কণ্টেইনমেণ্ট জ’ন ঘোষণাত গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনায় প্ৰধানমন্ত্ৰীগৰাকীয়ে৷ ইপিনে কৰ’না আক্ৰান্তৰ সংস্পৰ্শলৈ অহা ব্যক্তিক চিনাক্তকৰণত গুৰুত্ব প্ৰদান কৰিবলৈও নিৰ্দেশ দিয়ে মোদীয়ে৷ ৭২ ঘণ্টাত চিনাক্ত কৰিব লাগিব সংস্পৰ্শলৈ অহা ৩০জনক৷ ৪৫ বছৰৰ উৰ্ধ্বৰ সকলোকে দিব লাগিব ভেকচিন৷

আৰু পঢ়িব পাৰিব : ৪ বছৰৰ কাৰাদণ্ডৰ শাস্তি নন্দিতা কোঁৱৰক !

নৈশ সান্ধ্য আইনক ‘কৰ’না কাৰ্ফিউ’ নামাকৰণৰ প্ৰস্তাৱ মোদীৰ৷ TEST, TRACK, TREAT পদ্ধতিৰে কৰ’না নিয়ন্ত্ৰণৰ পোষকতা কৰিবলৈ আহ্বান জনায় তেওঁ৷ অধিক ক’ভিড পৰীক্ষা কৰিবলৈ ৰাজ্যসমূহলৈ আহ্বান জনায় তেওঁ৷ সমগ্ৰ দেশত লকডাউনৰ প্ৰয়োজন নাই বুলিও মন্তব্য কৰে তেওঁ৷

RELATED ARTICLES

Today's Weather

Guwahati
mist
28 ° C
28 °
28 °
89 %
0kmh
75 %
Tue
28 °
Wed
35 °
Thu
33 °
Fri
29 °
Sat
31 °

Watch latest Movies & TV Series on Prag Play

Most Popular