spot_img
19 C
Guwahati
19 C
Guwahati
বুধবাৰ, ডিচেম্বৰ 1, 2021
Homeআঞ্চলিকপ্ৰধানমন্ত্ৰীৰ অহংকাৰৰ পতন: ভূপেন বৰা

প্ৰধানমন্ত্ৰীৰ অহংকাৰৰ পতন: ভূপেন বৰা

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গুৰুত্বপূৰ্ণ ঘোষণা। তিনিওখন কৃষি আইন বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। প্ৰতিবাদী কাৰ্যসূচী বন্ধ কৰিবলৈ কৃষকক আহ্বান জনাইছে মোদীয়ে। ‘কৃষকসকলৰ হিতৰ বাবেই অনা হৈছিল এই আঁচনি’- বুলিও দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে মন্তব্য প্ৰকাশ কৰে। আন্দোলন এৰি কৃষিকাৰ্যত মনোনিৱেশ কৰিবলৈ আহ্বান জনাইছে কৃষকসকলক।


ইফালে তিনিওখন কৃষি আইন বাতিলৰ সম্পৰ্কত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। ‘জয় জৱান জয় কিষাণ আমাৰ প্ৰধান শক্তি, এয়া কৃষকৰ জয়’-বুলিও নেতাগৰাকীয়ে মন্তব্য প্ৰকাশ কৰে। লগতে বিজেপিক তীব্ৰ সমালোচনা কৰি কয় যে বিজেপিয়ে মুখ থেকেছা খাইছে। আজি এবছৰতকৈ অধিক কাল কৃষকে যুঁজি আছে, বিৰোধীয়ে প্ৰতিবাদ কৰিছিল, ৭০০তকৈ অধিক লোকে প্ৰাণ বিসৰ্জন দিলে। কিন্তু শেষত চৰকাৰ বাধ্য হ’ল। ‘ৰাইজেই ৰজা’ সেয়া চৰকাৰে মানি ল’লে, পুঁজিপতিক সহায় কৰা আইন পাছলৈ বিজেপিও আনিলেও প্ৰতিবাদ হ’ব।


আনহাতে আইন বাতিল সম্পৰ্কত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰায়ো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁ কয় যে, ক্ষমতাৰ স্বাৰ্থত এই আইন বাতিল কৰিছে, কিয়নো নিৰ্বাচন সমাগত। কৃষকৰ গাৰ ওপৰেৰে গাড়ী চলায়, ৭০০ কৃষকৰ প্ৰাণ লৈয়ো এই আইন বাতিল নকৰিলে! এতিয়া চৰকাৰ সলনি হ’ব বুলি ৰাইজে ভাবোতে ভয় খাইহে এই আইন বাতিল কৰিছে বুলিও মোদী চৰকাৰক সমালোচনা কৰে। কংগ্ৰেছ দলে তীব্ৰ প্ৰতিবাদ কৰিছিল, প্ৰতিবাদ হোৱাৰ পাছতো মোদীয়ে গুৰুত্ব দিয়া নাছিল, কিন্তু নিৰ্বাচন অহাৰ বাবেই মোদীয়ে আঁঠু লৈ সেৱা কৰিছে বুলিও প্ৰধানমন্ত্ৰীগৰাকীক কটাক্ষ কৰে।


উপ-নিৰ্বাচনৰ বাবে মুখ্যমন্ত্ৰীয়ে চান্দা দি ফুৰিছে, জোলোঙা লৈ মুখ্যমন্ত্ৰী বেংকে বেংকে ঘূৰি ফুৰিছে টকা বিচাৰি বুলিও মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰে। ভোট দি চাইছে বিজেপিক ৰাইজে, ৰাইজৰ ৰুদ্ৰ মূৰ্তি মোদীয়ে দেখিছে, হিমন্তই দেখা নাই, বিৰোধীত থকাটো আমাৰ পাপ নেকি, হেলিকপ্টাৰৰ পৰা নামি দিয়া প্ৰতিশ্ৰুতি পালন কৰক নহ’লে চৰকাৰ সলনি হ’ব, কংগ্ৰেছৰ চৰকাৰ আহিব বুলিও মন্তব্য প্ৰকাশ কৰে তেওঁ। ব্ৰহ্মপুত্ৰ গুৱাহাটীৰ মাজেৰে যোৱাৰ পাছতো খোৱাপানীৰ অভাৱ। সমাধান হ’বলৈ দুবছৰ লাগিব বুলি গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰীয়ে কৈছে। কিমান দিনলৈ এই প্ৰতিশ্ৰুতি? বুলিও কংগ্ৰেছৰ সভাপতিগৰাকীয়ে প্ৰশ্ন উত্থাপন কৰে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular