spot_img
17 C
Guwahati
17 C
Guwahati
শনিবাৰ, নৱেম্বৰ 27, 2021
Homeআঞ্চলিকনুমাই গ'ল কাব্য সাহিত্যৰ এগচি বন্তি; বিশিষ্ট কবি সনন্ত তাঁতীৰ দেহাৱসান

নুমাই গ’ল কাব্য সাহিত্যৰ এগচি বন্তি; বিশিষ্ট কবি সনন্ত তাঁতীৰ দেহাৱসান

ডিজিটেল ডেস্কঃ অসমৰ বাবে এক দুখবৰ। অসমীয়া কাব্য সাহিত্যৰ এক উজ্জ্বল নক্ষত্ৰ, সাহিত্য অকাডেমী বঁটাপ্ৰাপক বিশিষ্ট কবি সনন্ত তাঁতী আৰু নাই। দীৰ্ঘদিনে জটিল ৰোগত আক্ৰান্ত হৈ নতুন দিল্লীৰ ইন্দ্ৰপস্থ এপল’ হাস্পতালত চিকিৎসাধীন হৈ আছিল কবি সনন্ত তাঁতী। অৱশেষত সকলোকে কন্দুৱাই চিৰদিনৰ বাবে গুচি গ’ল সাহিত্য অকাডেমী বঁটা প্ৰাপক সনন্ত তাঁতী। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৬৯ বছৰ। ১৯৫২ চনৰ ৪ নৱেম্বৰত কৰিমগঞ্জৰ কালীবাৰী চাহ বাগিচাত জন্মগ্ৰহণ কৰিছিল সনন্ত তাঁতীয়ে। ২০১৮ চনত ‘কাইলৈৰ দিনটো আমাৰ হ’ব’ শীৰ্ষক গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল কবিগৰাকীয়ে। ২০১৭ চনত তাঁতীয়ে মেগৰ শৈক্ষিক ন্যাসে আগবঢ়োৱা অসম উপত্যকা সাহিত্য বঁটাও লাভ কৰিছিল।

তীব্ৰ অৰ্থনৈতিক সংকটত ভোগা সনন্ত তাঁতীৰ চিকিৎসাৰ খৰচ বহন কৰিবলৈ একপ্ৰকাৰ অসমৰ্থ হৈ পৰিছিল কবি গৰাকীৰ পৰিয়াল।মৃত কবিগৰাকীৰ চিকিৎসালয়ৰ বিল হৈছে ১২ লাখ টকা।চিকিসালয়ত আদায় দিবলৈ থকা ধন আদায় দিব নোৱাৰাৰ বাবেই তেওঁৰ মৃতদেহ সেয়ে এতিয়াও নতুন দিল্লীৰ ইন্দ্ৰপস্থ এপল’ চিকিৎসালয়তে পৰি ৰৈছে।তেখেতৰ নশ্বৰ দেহ অসমলৈ লৈ আনিবলৈও অৰ্থৰ অভাৱ পৰিয়ালৰ হাতত।হয়তো নতুন দিল্লীতেই সম্পন্ন কৰা হব শেষকৃত্য।

মৃত্যুৰ সময়ত সনন্ত তাঁতীয়ে পত্নী মিনতি তাঁতীৰ লগতে দুই পুত্ৰ স্বাগত আৰু তথাগতক এৰি থৈ গৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কবিগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। অসমীয়া কাব্য সাহিত্যৰ এক উজ্জ্বল নক্ষত্ৰ, সাহিত্য অকাডেমী বঁটাপ্ৰাপক বিশিষ্ট কবি সনন্ত তাঁতীৰ বিয়োগত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গভীৰ শোক প্ৰকাশ৷ ৰাজ্যৰ কাব্য সাহিত্যৰ ক্ষেত্ৰখনলৈ কবি তাঁতীয়ে আগবঢ়াই যোৱা অৱদান চিৰস্মৰণীয় হৈ থাকিব বুলি কয় মুখ্যমন্ত্ৰী শৰ্মাই। প্ৰয়াত কবিগৰাকীৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে তেওঁৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন মুখ্যমন্ত্ৰীৰ।

কবি সন‍ন্ত তাঁতীৰ উল্লেখযোগ্য গ্ৰন্থসমূহ হ’ল —উজ্জ্বল নক্ষত্ৰৰ সন্ধানত (১৯৮১),মই মানুহৰ অমল উৎসৱ ( ১৯৮৫),নিজৰ বিৰুদ্ধে শেষ প্ৰস্তাৱ ( ১৯৯০),শব্দত অথবা শব্দহীনতাত (১৯৯৩),মৃত্যুৰ আগৰ ষ্টপেজত ( ১৯৯৬),টোপনিতো কেতিয়াবা বাৰিষা আহে (১৯৯৭),ধোঁৱা ছাইৰ সপোন (১৯৯৯),দীৰ্ণ বসন্তৰ সৌৰভ (২০০২),আপুনি আপোনাৰ স’তে যুদ্ধ কৰিব পাৰিবনে ( ২০০৪),মই (২০০৮),মোৰ নিৰাভৰণ আত্মাৰ শোকাৱহ শব্দবোৰ (২০১০),কাইলৈৰ দিনটো আমাৰ হ’ব (২০১৩),মোৰ প্ৰিয় সপোনৰ ওচৰে-পাঁজৰে ( ২০১৭),’Selected Poems Sananta Tanty’ (২০১৭) আদি।

আৰু পঢ়কঃ সন্দীপ গজাকছঃ লোকৰ জোতা চফা কৰি সফলতাৰ আকাশ চোৱা ল’ৰাজন

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular