spot_img
19 C
Guwahati
19 C
Guwahati
বুধবাৰ, ডিচেম্বৰ 1, 2021
Homeআঞ্চলিকমৰ্মান্তিক : দিপাৱলী উদযাপনৰ বাবে পিতৃ-মাতৃৰ পৰা ধন বিছাৰি হত্যাৰ বলি হ'ল...

মৰ্মান্তিক : দিপাৱলী উদযাপনৰ বাবে পিতৃ-মাতৃৰ পৰা ধন বিছাৰি হত্যাৰ বলি হ’ল কাকুমণি

ডিজিটেল ডেস্ক : যিকোনো উৎসৱ আহিলেই সকলোৰে মন থৌকিবাথৌ হয়৷ তাতে দিপাৱলী বুলি ক’লেতো কথাই নাই৷ আৰু এই দিপাৱালী উদযাপনৰ বাবে পিতৃ-মাতৃৰ আগত সন্তানে পইচাৰৰ বাবে হাত পাতে৷ কিন্তু ধন খোজাৰবাবে যদি হত্যাৰ বলি হয় তেন্তে তাতকৈ মৰ্মান্তিক আৰু একো হ’ব নোৱাৰে৷ তেনে এক ঘটনাৰ সাক্ষী হ’ল সমগ্ৰ অসম৷ দিপাৱালী উদযাপনৰ বাবে মাহী মাক দত্ত বৰা , পিতৃ ফণীধৰ বৰাৰ পৰা কাকুমণি বৰাই বিছাৰিছিল পইচা৷

আৰু তাৰপাছতেই নিমৰ্মভাৱে হত্যাৰ বলি হয় কাকুমণি৷ ঘটনাৰ স্থান টীয়কৰ মেলেং বৰখেলীয়া৷ ঘটনাৰ সবিশেষ অনুসৰি, দিপাৱলী উদযাপনৰবাবে পুত্ৰ কাকুমণি বৰাই বিচাৰিছিল ১০ হাজাৰ টকা । যাৰবাবে ৩১ অক্টোবৰৰ নিশা ৯ বজাত ফলীয়া বাহঁৰে মৰিয়াই মৰিয়াই হত্যা কৰে কাকুমণিক৷ তাৰপাছত যুৱকজনৰ মৃতদেহতো পুতি থয় পায়খানাৰ গাতত ।

ঘটনা পোহৰলৈ অহাৰ পাছতেই লাহদৈগড় আৰক্ষীয়ে মাহীমাক সৰু মাই দত্ত বৰা , পিতৃ ফণীধৰ বৰাক আটক কৰে৷ জানিব পৰা মতে, বৈঠালাংছত নিৰুদ্দিষ্ট হোৱা আৰক্ষী জোৱান ৰিতু বৰাৰ ভাতৃ আছিল কাকুমণি বৰা৷ এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলজুৰি৷ আনহাতে হত্যাকাণ্ড সংঘটিত হোৱা ঘৰখনত প্ৰতিদিনাখন চলে জুৱাৰ আড্ডা ৷ ইতিমধ্যে আৰক্ষীয়ে অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular