spot_img
15.8 C
Guwahati
15.8 C
Guwahati
বুধবাৰ, ডিচেম্বৰ 1, 2021
Homeৰাষ্ট্ৰীয়মৰ্মান্তিক ! উগ্ৰপন্থীৰ আক্ৰমণত নিহত কৰ্ণেলৰ পত্নী-পুত্ৰসহ ৪ জনকৈ জোৱান

মৰ্মান্তিক ! উগ্ৰপন্থীৰ আক্ৰমণত নিহত কৰ্ণেলৰ পত্নী-পুত্ৰসহ ৪ জনকৈ জোৱান

ডিজিটেল ডেস্ক : মণিপুৰ ম্যানমাৰ সীমান্তত সংঘটিত হৈছে এক ভয়ংকৰ উগ্ৰপন্থীৰ আক্ৰমণৰ ঘটনা৷ এই আক্ৰমণত অসম ৰাইফলছৰ কৰ্ণেলসহ ৭জন নিহত হয়৷ আনকি কৰ্ণেলৰ পত্নী-পুত্ৰও নিহত হয় এই ভয়ংকৰ আক্ৰমণত৷ ম্যানমাৰ সীমান্তৱৰ্তী চূড়াচানপুৰত সংঘটিত হয় এই আক্ৰমণ৷ নিহতৰ মাজত আছে কৰ্ণেলৰ গাড়ী চালকজনো৷ লগতে এই আক্ৰমণত নিহত হয় ৪জনকৈ জোৱান৷

নিহত কৰ্ণেল জন হৈছে বিপ্লৱ ত্ৰিপাঠী৷ ৪৬ নং বেটেলিয়নৰ কামাণ্ডাৰ আছিল ত্ৰিপাঠী৷ তথ্য অনুসৰি, ঘন জংঘলৰ মাজত কৰ্ণেলৰ কনভয়ত আক্ৰমণ কৰে উপ্ৰপন্থীয়ে৷ এই আক্ৰামণত থিতাতেই নিহত হয় পত্নী-পুত্ৰ সহ কৰ্নেল বিপ্লৱ ত্ৰিপাঠী৷ মণিপুৰত আছাম ৰাইফলছৰ ৪ ছহিদৰ নাম প্ৰকাশ ইতিমধ্যেই প্ৰকাশ কৰিছে ৷

আক্ৰমণ ছহিদ হয় অসমৰ সুমন স্বৰ্গীয়াৰীও, ৰাইফলমেন কাটনেই কন্যাক, আৰ পি মিনা আৰু শ্যামল দাস ৷আনহাতে মণিপুৰত আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰে পিপুলছ লিবাৰেচন আৰ্মী নামৰ উগ্ৰপন্থী সংগঠনটোৱে৷ অভিযানত জড়িত পিএলএৰ সদস্যৰ ফটোও প্ৰকাশ কৰে সংগঠনটোৱে৷ প্ৰাগ নিউজৰ হাতত পৰিছে আক্ৰমণকাৰী উগ্ৰপন্থীৰ ফটো৷ ইপিনে উগ্ৰপন্থীক ৰেহাই দিয়া নহয় বুলি ঘোষণা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular