spot_img
15 C
Guwahati
15 C
Guwahati
বৃহস্পতিবাৰ, ডিচেম্বৰ 2, 2021
Homeআঞ্চলিকসৰিয়হৰ ডুলিতে ভূত! উৎকোচ লৈ ৰঙাঘৰৰ আলহী আৰক্ষী বিষয়া

সৰিয়হৰ ডুলিতে ভূত! উৎকোচ লৈ ৰঙাঘৰৰ আলহী আৰক্ষী বিষয়া

ডিজিটেল ডেস্কঃ পৰিয়াল প্ৰতিপালনৰ বাবে যথেষ্ট নহয় দৰমহাৰ টকা! প্ৰতিদিনে ক’লা ধন বিচাৰি ফুৰে খাকী পোছাকত ক’লা দাগ লগোৱা একাংশ আৰক্ষী বিষয়াই। তেনে এক দুৰ্নীতিগ্ৰস্থ আৰক্ষী বিষয়াক গ্ৰেপ্তাৰ কৰা হৈছে হাইলাকান্দিত। আৰক্ষী থানাত বহি উৎকোচ লৈ থকাৰ মুহূৰ্ততে দুৰ্নীতি নিবাৰক শাখাই হাতেলোটে গ্ৰেপ্তাৰ কৰে আৰক্ষী উপ-পৰিদৰ্শক সুধন্য ভট্টাচাৰ্যক।

৫হাজাৰ টকা উৎকোচ লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে আৰক্ষী উপ-পৰিদৰ্শকগৰাকী। বুধবাৰে হাইলকান্দি সদৰ থানাৰ পৰা উপ-পৰিদৰ্শকজনক গ্ৰেপ্তাৰ কৰে ভিজিলেন্স এণ্ড এণ্টিকৰাপশ্যন বিভাগে। হাইলাকান্দি সদৰ থানাত নিয়োজিত হৈ আছিল উপ-পৰিদৰ্শকজন।

উল্লেখ্য যে, এটা ভূমি সংক্ৰান্ত গোচৰ নিষ্পত্তিৰ বাবে উপ-পৰিদৰ্শকজনে দাবী কৰিছিল ৫ হাজাৰ টকা। গ্ৰেপ্তাৰৰ পাছতে বিষয়াগৰাকীক গুৱাহাটীলৈ লৈ অনা হয় ভিজিলেন্স এণ্ড এণ্টিকৰাপশ্যন বিভাগৰ নেতৃত্বত।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular