spot_img
31 C
Guwahati
Wednesday, September 22, 2021
spot_img
Homeআঞ্চলিকআৰক্ষীৰ এনকাউণ্টাৰ : গোৱালপাৰাত নিহত দুই ডকাইট

আৰক্ষীৰ এনকাউণ্টাৰ : গোৱালপাৰাত নিহত দুই ডকাইট

গোৱালপাৰা : বিগত সময়ছোৱাত এনকাউণ্টাৰেৰে সংবাদ শিৰোনাম দখল কৰি আহিছে অসম আৰক্ষীয়ে৷ আৰক্ষীয়ে কৰা এনকাউণ্টাৰক লৈ ৰাজ্যজুৰি মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ সময়তে কালি নিশা গোৱালপাৰাৰ দুটা স্থানত পুনৰ এনকাউণ্টাৰ ঘটনা সংঘটিত হয়৷ আৰক্ষীৰ এনকাউণ্টাৰত নিহত হয় দুই ডকাইত৷ আনহাতে আন ৩জন ডকাইতক কৰায়ত্ত কৰিছে গোৱালপাৰা আৰক্ষীয়ে৷

প্ৰথমটো এনকাউণ্টাৰ মৰনৈৰ নেপালীখুঁটিত দ্বিতীয়টো গোৱালপাৰা চহৰৰ গোবিন্দপুৰত সংঘটিত হয়৷ জানিব পৰা মতে, লক্ষীপুৰৰ পৰা চহৰখনলৈ আহিছিল এটা ডকাইতৰ দল৷ AS-01 ML3729 নম্বৰৰ ছুইফ্ট এখনেৰে আহিছিল দলটো৷ দলটোক লক্ষ্য কৰি আৰক্ষীয়ে চলাইছিল গুলী৷

আৰক্ষীয়ে লক্ষীপুৰৰ পৰাই অনুসৰণ কৰি আহিছিল দলটোক৷ আৰক্ষীৰ গুলীত দুজন ডকাইট নিহত হোৱাৰ লগতে বাকীকেইজনক কৰায়ত্ত কৰিবলৈ সক্ষম হয় আৰক্ষী৷ আৰক্ষীৰ এই তৎপৰতাৰ বাবে আন এক কূটাঘাতৰ পৰা অঞ্চলটো ৰক্ষা পৰা বুলি বিভিন্নজনে মন্তব্য কৰিছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
haze
31 ° C
31 °
31 °
66 %
0kmh
75 %
Wed
30 °
Thu
32 °
Fri
32 °
Sat
33 °
Sun
33 °

Watch latest Movies & TV Series on Prag Play

Most Popular