spot_img
17 C
Guwahati
17 C
Guwahati
সোমবাৰ, নৱেম্বৰ 29, 2021
Homeৰাষ্ট্ৰীয়হোটেলত গাৰ্লফ্ৰেণ্ডৰ সৈতে আৰক্ষী বিষয়াক হাতে-লোটে ধৰা পেলালে পত্নীয়ে! তাৰপাছত?

হোটেলত গাৰ্লফ্ৰেণ্ডৰ সৈতে আৰক্ষী বিষয়াক হাতে-লোটে ধৰা পেলালে পত্নীয়ে! তাৰপাছত?

ডিজিটেল ডেস্কঃ অন্য মহিলাৰ সৈতে প্ৰেমলীলা কৰাত ব্যস্ত আছিল এগৰাকী আৰক্ষী বিষয়া। পত্নীয়ে স্বামীৰ এই কুকাৰ্য ধৰা পেলোৱাৰ পাছত আৰক্ষীগৰাকী হ’ল নিলম্বিত। ঘটনাটো উত্তৰ প্ৰদেশ কানপুৰৰ। কানপুৰৰ গুয়ালটলী আৰক্ষী থানাৰ আৰক্ষী বিষয়া অৰুণ কুমাৰে এগৰাকী মহিলাৰ সৈতে হোটেলত সোমাই আছিল। আৰক্ষী বিষয়া অৰুণ কুমাৰৰ পত্নীয়ে এই কথা কেনেবাকৈ গম পায় ফাৰুখাবাদৰ পৰা আহি হোটেলখনত উপস্থিত হয়।

পত্নীয়ে হাটে-লোটে অন্য মহিলাৰ সৈতে ধৰা পেলায় আৰক্ষী স্বামীক। ইয়াৰ পাছতেই দুই স্বামী-স্ত্ৰীৰ মাজত লাগে মাৰপিট, হতাহতি। চৰ,গোৰ, ঘুচিয়াঘুচি চলে দুয়োৰে মাজত। সুযোগ বুজি অৰুণ কুমাৰৰ সৈতে অহা মহিলাগৰাকীয়ে পলায়ন কৰে। পত্নীয়ে হোটেলখনৰ পৰা ওলায়ে আৰক্ষী থানাৰ কাষ চাপে। থানাত আৰক্ষী স্বামীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে পত্নীয়ে।

আৰু পঢ়কঃ স্বামীৰ আক্ৰমণৰ বলি হৈ চিকিৎসাধীন পুনম পাণ্ডে; স্বামীক গ্ৰেপ্তাৰ আৰক্ষীৰ

অৰুণ কুমাৰৰ পত্নীয়ে আৰক্ষীক জনায় যে সেই মহিলাগৰাকী তেওঁৰ স্বামীৰ গাৰ্লফ্ৰেণ্ড হয়। বহুদিনৰ পৰা স্বামীৰ ওপৰত তেওঁৰ সন্দেহ ওপজিছিল। এই ঘটনাৰ পাছতে আৰক্ষী বিষয়া অৰুণ কুমাৰক তৎক্ষণাৎ নিলম্বন কৰে গুয়ালটলী আৰক্ষী থানাই। উত্তৰ প্ৰদেশ আৰক্ষীয়ে বৰ্তমান গোটেই ঘটনাটোৰ তদন্ত কৰি আছে। ঘটনাটোৱে লজ্জানত কৰি তুলিছে উত্তৰ প্ৰদেশ আৰক্ষীক।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular