Google search engine
26.7 C
Guwahati
Monday, July 26, 2021
Google search engine
Homeআঞ্চলিকসাংবাদিকক প্ৰাণেমৰাৰ ভাবুকি আৰক্ষী বিষয়াৰ

সাংবাদিকক প্ৰাণেমৰাৰ ভাবুকি আৰক্ষী বিষয়াৰ

শিৱসাগৰঃ ঐতিহ্যমণ্ডিত শিৱসাগৰত সাংবাদিকক প্ৰাণেমৰাৰ ভাবুকি প্ৰদান কৰিছে এগৰাকী আৰক্ষী বিষয়াই! ‘প্ৰাগ নিউজ’ৰ ভিডিঅ’ জাৰ্নেলিষ্ট আছিফ আলীসহ ৫গৰাকী সাংবাদিকক গুলীয়াই মৰাৰ ভাবুকি জয়সাগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতিষ ফুকনৰ। জয়সাগৰ তিনিআলিত সংঘটিত এই ঘটনা।

‘নিশা মই কাকো চিনি নাপাওঁ, কেমেৰা থাকিলেও লাভ নাই, অ’পেন শ্বুট কৰি দিম’- বুলি সাংবাদিকক ভাবুকি প্ৰদান কৰিছে আৰক্ষী বিষয়াগৰাকীয়ে। ঘটনা সন্দৰ্ভত শিৱসাগৰ সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী সাংবাদিককেইগৰাকীয়ে। ইফালে আৰক্ষী বিষয়াজনৰ দুষ্কাৰ্যৰ বিৰুদ্ধে জিলা উপায়ুক্ত আৰু জিলা আৰক্ষী অধীক্ষকক স্মাৰক-পত্ৰ প্ৰদান কৰিছে শিৱসাগৰ জিলা সাংবাদিক সংস্থাই। স্মাৰক-পত্ৰত ২৪ ঘণ্টাৰ ভিতৰত সাংবাদিকক ভাবুকি প্ৰদান কৰা আৰক্ষী বিষয়াজনৰ ওপৰত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে জিলা সাংবাদিক সংস্থাই। অন্যথা প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণৰ হুংকাৰ প্ৰদান কৰিছে সাংবাদিক সংস্থাই।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
moderate rain
26.7 ° C
26.7 °
26.7 °
92 %
1kmh
100 %
Tue
28 °
Wed
34 °
Thu
32 °
Fri
28 °
Sat
29 °

Watch latest Movies & TV Series on Prag Play

Most Popular