spot_img
15.2 C
Guwahati
15.2 C
Guwahati
শুক্ৰবাৰ, জানুৱাৰী 28, 2022
Homeআঞ্চলিকচোৰ কৰিবলৈ গৈ ব্যস্ত হ’ল খিচিৰি ৰন্ধাত, হতবাক আৰক্ষী

চোৰ কৰিবলৈ গৈ ব্যস্ত হ’ল খিচিৰি ৰন্ধাত, হতবাক আৰক্ষী

নতুন দিল্লীঃ ৰাজ্যত সংঘটিত হৈছে এটি নাভূত-নাশ্ৰুত ঘটনা। গৃহস্থী নথকাৰ সুযোগ লৈ চোৰে গৃহপ্ৰৱেশ কৰিছিল থিকেই পাছে ভোকৰ তাড়নাত সকলো শেষ হৈ গ’ল। চোৰবোৰো মানুহহে, তেওঁলোকৰো লাগে ভোক। চোৰে চুৰ কৰিবলৈ যাওতে গৃহস্থৰ ঘৰত খোৱাটো অস্বাভাৱিক কথা নহয় নিশ্চয়। কিন্তু এজন ভোকাতুৰ চোৰে চুৰ কৰিবলৈ গৈ নিজে ৰান্ধি খাবলৈ বহাতো আচৰিত হ’বলগীয়া কথাই। শেহতীয়াকৈ, এইখন অসমতে এই ঘটনাটো সংঘটিত হৈছে। সংবাদ মাধ্যমৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য। অসম আৰক্ষীয়েও ঘটনাটো টুইটাৰত শ্বেয়াৰ কৰিছে।

অসম আৰক্ষীয়ে এক টুইটযোগে লিখিছে, ‘ চুৰি কৰাৰ সময়ত খিচিৰি ৰন্ধাটো ক্ষতিকাৰক হ’ব পাৰে যদিও স্বাস্থ্যৰ বাবে বহুতো ভাল দিশ নথকাও নহয়। এজন চোৰক একে সময়তে গ্ৰেপ্তাৰ কৰা হৈছে আৰু গুৱাহাটী আৰক্ষীয়ে তেওঁক গৰম খাদ্যও যোগান ধৰিছে।’ জানিবলৈ পোৱা মতে, চোৰে চুৰি কৰিবলৈ গুৱাহাটীৰ হেঙেৰাবাৰী অঞ্চলৰ এটা ঘৰত প্ৰৱেশ কৰিছিল। ঘৰৰ মানুহবোৰ সেই সময়ত ঘৰত নাছিল। ঘৰত কোনো নাথাকিলেও চুবুৰীয়াই পাকঘৰৰ পৰা বাচন-বৰ্তনৰ শব্দ শুনিবলৈ পায়। তেওঁলোকে আহি চোৰটোক খিচিৰি ৰন্ধাৰ সময়ত হাতে-লোটে ধৰে। পৰৱৰ্তী সময়ত চোৰটোক আৰক্ষীৰ হাতত গতাই দিয়ে। ইফালে, অসম আৰক্ষীৰ প’ষ্টটোৱে ছ’চিয়েল মিডিয়াত চৰ্চা লাভ কৰা দেখা গৈছে। সকলোৰে মুখে মুখে এতিয়া হাঁহিৰ ৰোল উঠাও দেখা গৈছে।

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular