spot_img
28 C
Guwahati
Saturday, September 18, 2021
spot_img
Homeৰাষ্ট্ৰীয়আফগানিস্তানৰ পৰা ভাৰতলৈ অহাসকলৰ বাবে বাধ্যতামূলক পলিঅ’ টিকা

আফগানিস্তানৰ পৰা ভাৰতলৈ অহাসকলৰ বাবে বাধ্যতামূলক পলিঅ’ টিকা

নতুন দিল্লীঃ আফগানিস্তানৰ পৰা ভাৰতলৈ উভতি অহাৰ নাগৰিকৰ বাবে বিনামূলীয়া পলিঅ’ৰ টিকাকৰণৰ ব্যৱস্থা হাতত লৈছে ভাৰতে। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডৱীয়ে শেহতীয়াকৈ এই বিষয়ে টুইটাৰযোগে সদৰী কৰিছে। পলিঅ’ টিকাকৰণৰ এখন ছবি পোষ্ট কৰি তেওঁ লিখিছে যে, ‘আফগানিস্তানৰ পৰা ভাৰতলৈ প্ৰত্যাৱৰ্তনকাৰীসকলক বিনামূলীয়া পলিঅ’ ভেকচিন-অ’ পিভি আৰু এফআইপিভি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই পদক্ষেপৰ উদ্দেশ্য হৈছে পলিঅ’ সংক্ৰমণ প্ৰতিৰোধ কৰা।’


দেশৰ স্বাস্থ্য কৰ্মীসকলকো ধন্যবাদ জ্ঞাপন কৰিছে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। দিল্লী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত আফগানিস্তানৰ উভতি অহা লোকসকলক ক’ভিড-১৯ প্ৰতিৰোধকাৰী প্ৰতিষেধক প্ৰদান কৰা হৈছে বুলি জানিবলৈ পোৱা গৈছে।


উল্লেখ্য যে, ভাৰতে ইতিমধ্যে আফগানিস্তানৰ পৰা ১০৭ জন ভাৰতীয়সহ ১৬৮ জন লোকক সুৰক্ষিত আশ্ৰয় প্ৰদান কৰিছে। এতিয়ালৈকে ভাৰতে আফগানিস্তানৰ পৰা ২০০ জন লোকক উদ্ধাৰ কৰিছে। তেওঁলোকক দুখন চি-১৭ বিমানেৰে লৈ অহা হৈছে। উল্লেখ্য যে, আফগানিস্তানৰ পৰা পলিঅ’ লৈ যাতে কোনো লোক ভাৰতলৈ উভতি নাহে তাৰ বাবে কেন্দ্ৰীয় চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
mist
28 ° C
28 °
27.4 °
83 %
1.5kmh
75 %
Sat
27 °
Sun
30 °
Mon
31 °
Tue
31 °
Wed
26 °

Watch latest Movies & TV Series on Prag Play

Most Popular