দেশৰ ৰাজনীতি কঁপনি তুলিছে এজন মাত্ৰ লোকে! কোন, জানো আহক সবিশেষ

নতুন দিল্লী : চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদৰ ধ্বনি তোলা দেশৰ প্ৰায়বোৰ সমাজকৰ্মী, সংগ্ৰামীকে বিজেপিয়ে কাৰাগাৰলৈ নিক্ষেপ কৰা বা কাৰাগাৰলৈ পঠিওৱাৰ চেষ্টা অব্যাহত ৰখাৰ সময়তে এজন আৰটিআই কৰ্মীয়ে দেশৰ ৰাজনীতিত ধুমুহা তুলিছে। বিজেপিৰ নীতিহীন ৰাজনীতিক বিৰুদ্ধে বাৰে বাৰে প্ৰশ্ন চিহ্নৰ সৃষ্টি কৰা ছাকেট গোখলে নামৰ মহাৰাষ্ট্ৰৰ আৰটিআই কৰ্মীগৰাকী এতিয়া বিজেপিৰ বাবে মূৰৰ কামোৰণিত পৰিণত হৈছে।

ৰাম মন্দিৰৰ শিলান্যাস কাৰ্যসূচীৰ বিৰোধিতাৰে ছাকেট গোখলেই এলাহাবাদ উচ্চ ন্যায়ালয়ৰ কাষ চপাৰ পাছতে আৰ এছ এছৰ দৰে বিজেপিৰ সহযোগী আৰু হিন্দুত্ববাদী শক্তিসমূহৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছে গোখলে। তেওঁৰ মুম্বাইৰ ঘৰৰ সন্মুখত বিজেপি-আৰএছএছ কৰ্মীয়ে জয় শ্ৰীৰাম ধ্বনি দি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে তেওঁ আৰু তেওঁৰ মাতৃক মৃত্যুৰ ভাবুকি দিয়াৰ অভিযোগ তুলিছিল গোখলেই।

আৰু পঢ়িব পাৰিব: আগষ্টৰ ভিতৰতে ৰায়দান, বাবৰি মছজিদ গোচৰত আদৱানিৰ জবানবন্দী

তাৰ পাছতেই মহাৰাষ্ট্ৰ চৰকাৰে গোখলেক সুৰক্ষা দিয়াৰ ব্যৱস্থা কৰাৰ লগতে থানে আৰক্ষী থানাত তেওঁৰ অভিযোগ সন্দৰ্ভত গোচৰ ৰুজু কৰা হয়। কিন্তু কিহৰ বাবে বিজেপি-আৰএছএছৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছে আৰটিআই কৰ্মীগৰাকী! অহা ৫ আগষ্টত বহুচৰ্চিত ৰাম মন্দিৰৰ শিলান্যাসৰ দিন ধাৰ্য কৰা হৈছে। দেশৰ প্ৰধানমন্ত্ৰীকে ধৰি বহু হাইপ্ৰফাইল লোকৰ উপস্থিতিত ৰাম জন্মভূমি ন্যাসে মন্দিৰ নিৰ্মাণৰ শুভাৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে।

আৰএছএছ কৰ্মীয়ে জয় শ্ৰীৰাম ধ্বনি দি প্ৰতিবাদ সাব্যস্ত

তাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে, ৰাম মন্দিৰ নিৰ্মাণৰ নিৰ্দিষ্ট তাৰিখত মোহৰ লগাইছে খোদ প্ৰধানমন্ত্ৰী কাৰ্যালয়ে। কিন্তু মনকৰিবলগীয়া কথাটো হল, এতিয়া দেশত কৰোনা প্ৰতিৰোধৰ নীতি-নিৰ্দেশনা জাৰি হৈ আছে। যাৰ বাবে দেশত কোনো ধৰ্মীয় সমাৱেশ অনুষ্ঠিত কৰাৰ অনুমতি নাই। অতি অপৰিহাৰ্য কাৰ্যসূচীতো ৫০জনতকৈ অধিক লোকৰ সমাৱেশ ঘটাৰ অনুমতি নাই।

আৰু পঢ়িব পাৰিব: মিজোৰামৰ চেম্ফাইৰ বিভিন্ন স্থানত ভূমিস্খলন! আতংকিত জনসাধাৰণ

এনে পৰিপ্ৰেক্ষিতত কমেও ৩০০ লোকৰ সমাৱেশ ঘটিবলগীয়া ৰাম মন্দিৰ নিৰ্মাণ শুভাৰম্ভ কাৰ্যসূচীৰ অনুমতি কিদৰে লাভ কৰিলে! একেটা স্থানতে ইমান লোকৰ সমাৱেশ ঘটিলে স্বাভাৱিকতেই শাৰিৰীক দূৰত্বৰ দৰে নীতি ভংগ হোৱাৰ সম্ভাৱনা আছে, যিটো কেন্দ্ৰ অথবা ৰাজ্যৰ কোভিড প্ৰতিৰোধী নীতিৰ পৰিপন্থী। আৰটিআই কৰ্মীজনে এই প্ৰসংগক আদালতৰ মজিয়ালৈ লৈ যোৱা তথা এই অনুষ্ঠান আয়োজনৰ অনুমতি বাতিলৰ আৱেদন জনোৱাৰ পাছতে তেওঁৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিছে বিজেপি-আৰএছএছ। তেওঁৰ ঘৰৰ সন্মুখত প্ৰতিবাদ কৰাৰ লগতে তেওঁ তথা তেওঁৰ পৰিয়ালক মৃত্যুৰ ভাবুকি দিয়াও হৈছে।

আৰু পঢ়িব পাৰিব: চাইবাৰ অপৰাধীৰ প্ৰবঞ্চনাৰ বলি ভাৰতীয় ষ্টেট বেংকৰ গ্ৰাহক

আনহাতে একাংশ বিজেপিৰ প্ৰবক্তাই ৰাহুল গান্ধীৰ সৈতে থকা তেওঁৰ এখন ফটো শ্বেয়াৰ কৰি তেওঁ ৰাহুল গান্ধীৰ ঘনিষ্ঠ বুলি প্ৰচাৰ আৰম্ভ কৰিছে। সেয়া যিয়েই নহওক ছাকেট গোখলেই উত্থাপন কৰা প্ৰশ্নৰ উত্তৰ কিন্তু বিজেপিৰ হাতত নাই। মন কৰিবলগীয়া যে, কেৱল ৰাম মন্দিৰ প্ৰসংগৰেই নহয়, নিৰ্বাচন আয়োগৰ বিৰুদ্ধে অনা এটা গুৰুতৰ অভিযোগৰ জৰিয়তেও তুমুল চাঞ্চল্যৰ সৃষ্টি কৰিছে চাঞ্চল্যৰ সৃষ্টি কৰিছে ছাকেট গোখলেই।

২০১৯চনৰ মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনৰ সময়ত মহাৰাষ্ট্ৰৰ নিৰ্বাচন আয়োগে ছচিয়েল মিডিয়াৰ কাম চলোৱাৰ বাবে নিয়োগ কৰা আইটি কোম্পানীটোৰ সম্পৰ্ক বিজেপিৰ আইটি চেলৰ সৈতে থকা বুলি অভিযোগ কৰিছিল গোখলেই। এটা টুইটত তেওঁ প্ৰকাশ কৰে যে, এয়া অতি চাঞ্চল্যকৰ কথা যে, নিৰ্বাচন আযোগে বিজেপিৰ আইটি চেলৰ এজন লোক আৰু তেওঁৰ এজেন্সিটোক মহাৰাষ্ট্ৰৰ নিৰ্বাচনৰ সময়ত আয়োগৰ কাম-কাজৰ বাবে নিৰ্বাচন কৰিছিল। গোখলেৰ এই অভিযোগৰ পাছতে ৰাজনৈতিক ক্ষেত্ৰত তুমুল বিতৰ্কৰ সূত্ৰপাত হয়।

আৰু পঢ়িব পাৰিব: সাৱধান! ৰাজ্যৰ মুখ্যমন্ত্ৰী ক’ভিড-১৯ত আক্ৰান্ত

শেহতীয়াকৈ নিৰ্বাচন আয়োগে এই সম্পৰ্কে বিতং প্ৰতিবেদন দাখিলৰ বাবে মহাৰাষ্ট্ৰৰ মুখ্য নিৰ্বাচনী বিষয়াক নিৰ্দেশ দিছে। এজন মাত্ৰ লোকে এতিয়া চৰকাৰ তথা নিৰ্বাচন আয়োগৰ দৰে সংস্থাৰ ভেটি কঁপাই তুলিছে। দেশৰ বিৰোধী শক্তিসমূহে কৰিব নোৱৰা কাম কৰি দেখুৱাইছে ছাকেট গোখলেই। গোখলেৰ অভিযোগৰ কিমান নিৰপেক্ষ তদন্ত হয়, কিমান নিৰপেক্ষ ব্যৱস্থা এই সম্পৰ্কত লোৱা হয় সেয়া সময়েহে কব যদিও ছাকেট গোখলে আজি ভাৰতৰ ৰাজনীতিৰ আটাইতকৈ চৰ্চিত ব্যক্তিত পৰিণত হৈছে।

Show More

Related Articles

Back to top button
Live Updates COVID-19 CASES