spot_img
24 C
Guwahati
24 C
Guwahati
মঙলবাৰ, নৱেম্বৰ 30, 2021
Homeমনোৰঞ্জনস্বামীৰ আক্ৰমণৰ বলি হৈ চিকিৎসাধীন পুনম পাণ্ডে; স্বামীক গ্ৰেপ্তাৰ আৰক্ষীৰ

স্বামীৰ আক্ৰমণৰ বলি হৈ চিকিৎসাধীন পুনম পাণ্ডে; স্বামীক গ্ৰেপ্তাৰ আৰক্ষীৰ

ডিজিটেল ডেস্কঃ ঘৰুৱা হিংসাৰ বলি হৈ চিকিৎসালয়ত ভৰ্তি হৈছে মডেল তথা অভিনেত্ৰী পুনম পাণ্ডে। ভিন্ন বিতৰ্কৰ বাবে প্ৰায়ে সংবাদ শিৰোনাম দখল কৰে পুনমে। পুনমৰ অভিযোগৰ ভিত্তিত মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে তেওঁৰ স্বামী ছেম বম্বেক। ছেমে মাৰপিট কৰি আহত কৰা বুলি আৰক্ষী থানাত এজাহাৰ দিছিল পুনমে। মডেলগৰাকীৰ অভিযোগৰ ভিত্তিতেই আৰক্ষীয়ে ছেমক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছে।

সুখৰ দিনত পুনম আৰু ছেম

মুম্বাই আৰক্ষীয়ে অভিযোগ পঞ্জীয়ন কৰাৰ পাছতেই পুনম পাণ্ডেক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।মুম্বাই আৰক্ষীয়ে জনোৱা অনুসৰি পুনমে মূৰ, চকু আৰু মুখত গুৰুতৰ আঘাত পাইছে। আৰক্ষীয়ে বিষয়টোৰ অধিক তদন্ত কৰি আছে। পুনমৰ এই ঘটনা এয়ে প্ৰথম নহয়। বিয়াৰ কিছুদিনৰ পিছতেই স্বামীয়ে বেয়াকৈ মাৰধৰ কৰাৰ অভিযোগ লৈ আৰক্ষীৰ কাষ চাপিছিল পুনমে। সেই সময়ত পুনম আৰু চেম গোৱালৈ গৈছিল এক ৰোমাণ্টিক ট্ৰিপত কিন্তু ৰোমাণ্টিকতা গুচি তেওঁলোকৰ মাজত মাৰপিট, গালি-গালাজেহে ঠাই লৈছিল। সেইবাৰো পুনমৰ অভিযোগৰ ভিত্তিত ছেম বম্বেক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে।

বিয়াৰ মূহুৰ্তৰ ফটো

পাছত ছেমক গোৱা আদালতৰ দ্বাৰা চৰ্ত সাপেক্ষে জামিন দিয়া হৈছিল। পুনমে আনকি স্বামীৰ এই আচৰণৰ বাবে বিবাহ বিচ্ছেদ কৰাৰ কথাও সদৰী কৰিছিল। অৱশ্যে পাছলৈ পুনম আৰু ছেমে সম্পৰ্কটো মিলামিছাৰে আগবঢ়াই নিছিল আৰু সকলো ঠিকেই চলি আছিল। কিন্তু এতিয়া পুনমৰ লগত সংঘটিত হোৱা এই কাণ্ডই সূচায় যে তেওঁলোকৰ সম্পৰ্কত পুনৰ ফাঁট মেলিছে। উল্লেখ্য যে পুনম পাণ্ডেৰ স্বামী ছেম বম্বে এজন চলচ্চিত্ৰ প্ৰযোজক আৰু তেওঁ সংগীতৰ সৈতেও জড়িত। ‘বেফিকৰ’ নামৰ চিনেমাখনৰ সংগীত পৰিচালনা কৰিছিল ছেমে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular