spot_img
17 C
Guwahati
17 C
Guwahati
শনিবাৰ, ডিচেম্বৰ 4, 2021
Homeৰাষ্ট্ৰীয়ক্ষুধাৰ তাড়নাঃ পেটৰ ভোকত মাতৃয়ে বিক্ৰী কৰিলে তিনিদিনীয়া নৱজাতকক

ক্ষুধাৰ তাড়নাঃ পেটৰ ভোকত মাতৃয়ে বিক্ৰী কৰিলে তিনিদিনীয়া নৱজাতকক

ডিজিটেল ডেস্কঃ ক্ষুধাৰ ওচৰত যেন হাৰ মানিলে মাতৃৰ মমতাই। দাৰিদ্ৰতাই কোঙা কৰা এগৰাকী মাতৃ বাধ্য হ’ল নিজ সন্তানক বিক্ৰী কৰিবলৈ। মহাৰাষ্ট্ৰৰ আহমেদনগৰ জিলাৰ শ্বিৰডী চহৰৰ এগৰাকী মহিলাই দৰিদ্ৰতাৰ কৱলত তিনিদিনীয়া নিজ সন্তানক ১.৭৮ লাখ টকাৰ বিনিময়ত মুম্বাইৰ এগৰাকী লোকৰ ওচৰত বিক্ৰী কৰি দিয়ে।

মনপাড়া আৰক্ষী চকীৰ এগৰাকী বিষয়াই জনায় যে, মহিলাগৰাকীয়ে সন্তানটো জন্ম দিয়াৰ পাছত পৰিয়ালৰ দাৰিদ্ৰতাৰ বাবে পৰিচৰ্যা কৰিব পৰা অৱস্থাত নাছিল। উপায়ন্তৰ হৈ তেওঁ সন্তানটো বিক্ৰী কৰিবলৈ গ্ৰাহক বিচাৰিবলৈ লয়। মাতৃগৰাকীৰ এই প্ৰচেষ্টাত অন্য তিনিগৰাকী মহিলাই সহায় কৰা বুলিও জানিব পৰা গৈছে। বিচাৰ-খোচাৰ কৰি মহিলাগৰাকীয়ে মুলুণ্ড নিবাসী এগৰাকী ব্যক্তি ওচৰত সন্তানটো বিক্ৰী কৰিবলৈ চুক্তি কৰে। সন্তানটোৰ মাতৃয়ে অন্য অভিযুক্তসকলৰ সহায়ত কোনো নথি-পত্ৰ অবিহনে মৌখিক ভিত্তিত ১.৭৮ লাখ টকাৰ বিনিময়ত ব্যক্তিগৰাকীৰ ওচৰত বিক্ৰী কৰি দিয়ে।

তথ্যৰ আধাৰত আৰক্ষীয়ে ব্যক্তিগৰাকীৰ ঘৰত অভিযান চলাই নৱজাতকটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ইয়াৰ পাছতে সন্তানটোৰ মাতৃ, সন্তান ক্ৰয় কৰা ব্যক্তি, আন তিনিগৰাকী মহিলা আৰু এগৰাকী অন্য ব্যক্তিক আৰক্ষীয়ে আটক কৰে। ঘটনা সন্দৰ্ভত ইতিমধ্যে এক গোচৰ ৰুজু কৰা হৈছে আৰু তদন্ত অব্যাহত আছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular