spot_img
24 C
Guwahati
24 C
Guwahati
মঙলবাৰ, জানুৱাৰী 25, 2022
Homeআঞ্চলিকঅসমীয়াক অপমান কৰি ৰঙাঘৰৰ আলহী হ'ল প্ৰদীপ: গ্ৰেপ্তাৰ হৈও হিমন্তৰ ওপৰত আক্ৰমণাত্মক...

অসমীয়াক অপমান কৰি ৰঙাঘৰৰ আলহী হ’ল প্ৰদীপ: গ্ৰেপ্তাৰ হৈও হিমন্তৰ ওপৰত আক্ৰমণাত্মক ৰূপ

ডিজিটেল ডেস্ক : অৱশেষত ৰঙাঘৰৰ আলহী হ’ল অসমীয়াবিদ্বেষী নেতা প্ৰদীপ দত্ত ৰয়৷ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ স্থিতিৰ পাছতেই স্বয়ম্ভূ বাঙালী নেতা প্ৰদীপ দত্ত ৰয়ক গ্ৰেপ্তাৰ কৰে অসম আৰক্ষীয়ে৷ তথাপিও যেন সৈমান নহয় অসমীয়াবিদ্বষী কথা-বতৰাৰে সংবাদ শিৰোনাম দখল কৰা নেতা প্ৰদীপ দত্ত ৰয়৷ জে’ললৈ যোৱাৰ পূৰ্বেও আক্ৰমণাত্মক ৰূপ প্ৰদীপ দত্ত ৰয়৷ অসমীয়া ভাষাক অপমান কৰিও অনুতপ্ত নহয় দত্ত ৰয় ৷ অসমতে থাকি ডাঙৰ-দীঘল হোৱা, লগতে নিজৰ ৰাজনৈতিক পৰিচয় বনোৱা বৰাক ডেম’ক্ৰেটিক ফ্ৰণ্টৰ তথা-কথিত নেতাজন পূৰ্বৰে পৰাই অসমীয়া বিৰোধী৷ উল্লেখ্য যে, তেওঁ অসম আন্দোলনৰ দিনৰ পৰাই অসম বিৰোধী স্থিতি গ্ৰহণ কৰি আহিছে৷ সেই সময়ৰ প্ৰাক্তন কেন্দ্ৰীয়মন্ত্ৰী সন্তোষ মোহনৰ ঘনিষ্ঠ সহযোগী হিচাপে কাম কৰি আহিছিল৷

প্ৰাক্তন মন্ত্ৰীগৰাকীৰ মৃত্যুৰ পাছত মানুহৰ মাজৰ পৰা নিজৰ উপস্থিতি হেৰাই পেলোৱা ৰয়েপুনৰ অসমীয়া বিৰুদ্ধ সৰৱ হৈ সংবাদ শিৰোনাম দখল কৰিবলৈ সক্ষম হয়৷ কিন্তু কথাতে আছে নহয়, ‘কথাত কটা যায়; কথাত বঁটা পায়৷’ তেওঁ কোৱা কথাৰ বঁটা হিচাপে ৰঙা ঘৰৰ আলহী হয় বিতৰ্কিত প্ৰদীপ৷ গ্ৰেপ্তাৰ হোৱা ফাছতো মুখ্যমন্ত্ৰী হিমন্তক তীব্ৰ সমালোচনা কৰে দত্ত ৰয়ে৷ হিমন্তই চক্ৰান্ত কৰাৰ অভিযোগো উত্থাপন কৰে BDFৰ মূৰব্বীজনে৷ তাৰউপৰিও মমতাৰ তৃণমূল কংগ্ৰেছৰ সহায় বিচাৰিলে দত্ত ৰয়ে৷ উল্লেখ্য যে, গ্ৰেপ্তাৰৰ পাছতেই দত্ত ৰয়ক ন্যায়িক জিম্মালৈ প্ৰেৰণৰ নিৰ্দেশ প্ৰদান কৰে৷ ১০ ডিচেম্বৰলৈ ন্যায়িক জিম্মাত ৰঙাঘৰৰ আলহী হৈ থাকিব দত্ত ৰয়৷ শনিবাৰে নিশাই আদালতত হাজিৰ কৰোৱা হৈছিল দত্ত ৰয়ক৷

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular