spot_img
26 C
Guwahati
26 C
Guwahati
দেওবাৰ, নৱেম্বৰ 28, 2021
Homeব্ৰেকিং নিউজৰাষ্ট্ৰপতিয়ে 'শৌৰ্য চক্ৰ'ৰে সম্মানিত কৰিলে অসম ৰাইফলছৰ ৰাইফলমেল প্ৰণৱ জ্যোতি দাসক

ৰাষ্ট্ৰপতিয়ে ‘শৌৰ্য চক্ৰ’ৰে সম্মানিত কৰিলে অসম ৰাইফলছৰ ৰাইফলমেল প্ৰণৱ জ্যোতি দাসক

ডিজিটেল ডেস্কঃ অসম ৰাইফলছৰ ৰাইফলমেন প্ৰণৱ জ্যোতি দাসৰ জীৱন আলোকিত হ’ল শৌৰ্য চক্ৰৰ সম্মানেৰে। ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে শৌৰ্য চক্ৰৰে সন্মানিত কৰিছে প্ৰণৱ জ্যোতি দাসক। অৰুণাচল প্ৰদেশৰ লংডিঙত এক অভিযানৰ সময়ত প্ৰদৰ্শন কৰা চৰম সাহসিকতা আৰু দক্ষতাৰ বাবে প্ৰণৱ জ্যোতি দাস এই সন্মান প্ৰদান কৰা হয়। এই তথ্য সদৰী কৰিছে অসম ৰাইফলছে।

অসম ৰাইফলছে নিজৰ টুইটাৰ হেণ্ডেলত লিখিছে-”অসম ৰাইফলছৰ সৈনিকক সন্মানীয় শৌৰ্য চক্ৰৰে সন্মানিত কৰা হৈছে। ২০২০ চনত অৰুণাচল প্ৰদেশৰ লংডিঙত এক অভিযানৰ সময়ত দেখুওৱা চৰম সাহসিকতা আৰু বীৰত্বৰ বাবে ২২ নৱেম্বৰত ৬ অসম ৰাইফলছৰ আৰএফএন প্ৰণৱ জ্যোতি দাসক সন্মানীয় শৌৰ্য চক্ৰৰে সন্মানিত কৰা হৈছে।” (ASSAM RIFLES SOLDIER DECORATED WITH THE PRESTIGIOUS SHAURYA CHAKRA Rfn Pranab Jyoti Das of 6 Assam Rifles, on 22 Nov, was decorated with the prestigious Shaurya Chakra for his extreme bravery & courage displayed during an operation in Longding, Arunachal Pradesh in the year 2020.)

আৰু পঢ়কঃ ‘কা’ আন্দোলন অপ্ৰাসংগিক; ক’লে বিদ্যাসাগৰে

উল্লেখ্য যে ২০২০ চনত অৰুণাচল প্ৰদেশত চলোৱা এক অভিযানৰ সময়ত ৰাইফলমেন প্ৰণৱ জ্যোতি দাসে দুজন বিদ্ৰোহীক কৰায়ত্ত কৰাৰ লগতে এজন আহত সৈনিকক বুদ্ধিমত্তাৰে সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰিছিল। প্ৰণৱ জ্যোতি দাসক শৌৰ্য চক্ৰৰ সম্মানেৰে সন্মানিত কৰা ফটো ফেচবুকত শ্বেয়াৰ কৰিছে ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ে। ফটোখনত ৰাইফলমেন প্ৰণৱ জ্যোতি দাসক সাহসী আৰু অতুলনীয় যুঁজাৰু বুলি অভিহিত কৰা হৈছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular