spot_img
24 C
Guwahati
24 C
Guwahati
দেওবাৰ, ডিচেম্বৰ 5, 2021
Homeআঞ্চলিককিমান কমিব মিঠাতেলৰ দাম? শীঘ্ৰেই গঠন হ’ব এনফ’ৰ্চমেণ্ট টীম

কিমান কমিব মিঠাতেলৰ দাম? শীঘ্ৰেই গঠন হ’ব এনফ’ৰ্চমেণ্ট টীম

গুৱাহাটী : মূল্যবৃদ্ধিয়ে জুৰুলা কৰা সাধাৰণ ৰাইজলৈ ভাল খবৰ৷ ডিচেম্বৰৰ পৰা হ্ৰাস হোৱাৰ সম্ভাৱনা আছে মিঠাতেলৰ মূল্য৷ আজি এই কথা জানিবলৈ দিয়ে মন্ত্ৰী ৰঞ্জিত দাসে৷ মূল্যবৃদ্ধিক লৈ কামৰূপ উপায়ুক্তৰ কাৰ্যালয়ত হোৱা পৰ্যালোচনা সভাত উপস্থিত হয় মন্ত্ৰী ৰঞ্জিত দাস। বৈঠকত অংশগ্ৰহণ কৰে কামৰূপ চেম্বাৰছ অব কমাৰ্চ, পামহি শাক-পাচলি পাইকাৰী ব্যৱসায় সন্থা, ফিছফেদ অসম, আলু, পিঁয়াজ পাইকাৰী ব্যৱসায় সন্থা আৰু কণী ব্যৱসায় সন্থা। মূল্যবৃদ্ধিৰ পৰিত্ৰাণৰ উপায় বিচাৰি হোৱা এই বৈঠকত ভাৰতৰ অন্যান্য ৰাজ্যৰ তুলনাত অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম অসমত বহুত বেছি পাৰ্থক্য নাই বুলি জানিবলৈ দিয়ে৷

বৈঠকত লোৱা জানিবলৈ দিয়ে যে মচুৰ ডাইল বা মগু ডাইল,আলুৰ দাম সমগ্ৰ ভাৰততে একেই আছে৷ কেৱল ১ টকা মানৰহে পাৰ্থক্য আছে। আলু বৰ্তমান ২০ টকা মূল্যত খুচুৰা দোকানত বিক্ৰী কৰি থকা হৈছে। বগা পিঁয়াজ ২০-২৮ টকা মূল্যত বিক্ৰী কৰি আছে পাইকাৰীসকলে আৰু ৰঙা পিঁয়াজ ৪০ টকা মূল্যত বিক্ৰী কৰি আছে। কিন্তু দুৰ্ভাগ্যজনকভাৱে খুচুৰা ব্যৱসায়ীয়ে বেছি মূল্যত বেছি আছে। ৪০ ৰ পৰা ৭৫ লৈ বৃদ্ধি কৰি থৈছে ৰঙা পিঁয়াজৰ মূল্য আনহাতে বগা পিঁয়াজৰ মূল্য ৪০ টকালৈ বঢ়াইছে।

ইপিনে আজি এনফৰ্চমেণ্ট টিম এটা গঠন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে বুলি জানিবলৈ দিয়ে। পাইকাৰী মূল্যতকৈ খুচুৰা ব্যৱসায়ীয়ে ৫ ৰ পৰা ৬ টকালৈহে মূল্য বেছি ল’ব পাৰিব। এই নীতি উলংঘা কৰিলে ব্যৱস্থা লোৱা হ’ব। ৰে’লৱে ষ্টেচনত দিনে-নিশাই ট্ৰাক বা শ্ৰমিক যোগান ধৰিবলৈ আগন্তুক দিনত আৰু এখন বৈঠক হ’ব। যাৰ দ্বাৰা অনাগত দিনত জনতাই সকাহ পোৱাৰ আশ্বাস দিয়ে মন্ত্ৰীগৰাকীয়ে।

দুই এদিনৰ ভিতৰতে মেজিষ্ট্ৰেট, অসম আৰক্ষী আৰু জিএমচি সহযোগিতাত টাক্স ফ’ৰ্চ গঠন হ’ব। এই টাক্স ফ’ৰ্চৰ দলে গৈ বিভিন্ন স্থানত অভিযান চলাব। বিভিন্ন বজাৰত পাচলিৰ দামৰ ফলক আৰি দিয়া হ’ব আৰু এপ এটাও মুকলি কৰি দিয়া হ’ব। সৰিয়হৰ খেতি অসমত বেছি কৰিলে মূল্য হ্ৰাস পাব মিঠাতেলৰ। কিন্তু মধ্যভোগীয়ে দাম নিয়ন্ত্ৰণ কৰাৰ ব্যৱস্থাটো আগন্তুক দিনত নাথাকিব।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular