spot_img
20 C
Guwahati
20 C
Guwahati
বুধবাৰ, ডিচেম্বৰ 1, 2021
Homeৰাজনৈতিকশীঘ্ৰেই দূৰ হ'ব মূল্যবৃদ্ধিৰ সমস্যা! মূল্যবৃদ্ধিৰ বিৰোধিতাক কোনে দিলে নাটক আখ্যা?

শীঘ্ৰেই দূৰ হ’ব মূল্যবৃদ্ধিৰ সমস্যা! মূল্যবৃদ্ধিৰ বিৰোধিতাক কোনে দিলে নাটক আখ্যা?

ডিজিটেল ডেস্ক : সুখবৰ! শীঘ্ৰেই দূৰ হ’ব মূল্যবৃদ্ধিৰ সমস্যা। ইন্ধনজাত সামগ্ৰীৰ লগতে ৰাজ্যত শেহতীয়াকৈ অভাৱনীয় হাৰত বৃদ্ধি হোৱা অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে জুৰুলা কৰিছে সৰ্বসাধাৰণ ৰাইজক। কিন্তু এনে সময়ত নগাঁও জিলাৰ কঢ়ালিগাওঁস্থিত বৰনামঘৰ এখনি আটকধুনীয়া তোৰণ উদ্বোধন কৰিবৰ বাবে উপস্থিত হোৱা মন্ত্ৰী পিযুষ হাজৰিকাই মূল্যবৃদ্ধি ৰোধৰ সন্দৰ্ভত দিয়া আশ্বাসে এতিয়া নিশ্চয় সকাহ প্ৰদান কৰিব সৰ্বসাধাৰণক।

লগতে মন্ত্ৰী গৰাকীয়ে শেহতীয়াকৈ মূল্যবৃদ্ধি বিৰোধীতাৰে কংগ্ৰেছে ই-ৰিক্সা অথবা ম’হৰ গাড়ীলৈ ৰাজপথত কৰা প্ৰতিবাদকো তুচ্ছ-তাচ্ছিল্য কৰে । পূৰ্বে টেক্সী-চাইকেল চলাই প্ৰতিবাদ কৰা কংগ্ৰেছৰ এতিয়া একো বিকল্প নাইকিয়া হোৱাত এতিয়া উপায়হীন হৈ কংগ্ৰেছে গৰু-ম’হৰ গাড়ীয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে বুলি মন্তব্য় কৰে মন্ত্ৰীগৰাকীয়ে।

তথাপিও উপ-নিৰ্বাচনত ৫খন আসনেই দখল কৰিব বিজেপিয়ে। মূল্যবৃদ্ধিৰ সন্দৰ্ভত কংগ্ৰেছে সাব্যস্ত কৰা প্ৰতিবাদ কেৱল নিৰ্বাচন কেন্দ্ৰিক বুলিও অবিহিত কৰে মন্ত্ৰীগৰাকীয়ে। অৱশ্যে শেহতীয়াকৈ ৰাজ্যত হোৱা মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজৰ লগতে মন্ত্ৰীজনকো অসুবিধাত পেলাইছে বুলি অকপট স্বীকাৰ কৰিলে পীযুষ হাজৰিকাই।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular