spot_img
20 C
Guwahati
20 C
Guwahati
শনিবাৰ, ডিচেম্বৰ 4, 2021
Homeআঞ্চলিকপত্নীয়েই হত্যা কৰিছিল পূজাৰী নাৰায়ণ চক্ৰৱৰ্তীক! ফাদিল বিস্ফোৰক তথ্য

পত্নীয়েই হত্যা কৰিছিল পূজাৰী নাৰায়ণ চক্ৰৱৰ্তীক! ফাদিল বিস্ফোৰক তথ্য

ডিজিটেল ডেস্কঃ এগৰাকী পূজাৰীৰ নৃশংস হত্যাকাণ্ডই জোকাৰি গৈছিল মহানগৰীক। মহানগৰীৰ পল্টনবজাৰৰ কালিবাৰীত সংঘটিত হৈছিল এই চাঞ্চল্যকৰ হত্যাকাণ্ডটো৷ যোৱা বৃহস্পতিবাৰে নাৰায়ণ চক্ৰৱৰ্তী নামৰ এজন পূজাৰীৰ মৃতদেহ উদ্ধাৰ হৈছিল ৰে’লৱে কলনীৰ কোৱাৰ্টাৰত৷ ঘটনাটোৰ দিনা ৰে’লৱে কোৱাৰ্টাৰটোৰ ৰখীয়া হৈ আছিল পূজাৰী নাৰায়ণ৷ কোৱাৰ্টাৰৰ মালিকে ষট পূজাৰ বাবে ধুবুৰীৰ ঘৰলৈ গৈছিল আৰু তেনে সময়তে এই হত্যাকাণ্ড সংঘটিত হয়৷

উল্লেখ্য যে, বুধবাৰে নিশা ১১বজাত সঞ্জীৱ চৌধুৰীৰ কোৱাৰ্টাৰলৈ অকলে আহিছিল নাৰায়ণ চক্ৰৱৰ্তী। নাৰায়ণ চক্ৰৱৰ্তী আৰু সঞ্জীৱ চৌধুৰী অতি ঘনিষ্ঠ বন্ধু আছিল বুলি জনাইছে স্থানীয় লোকে। কালিবাৰী মন্দিৰৰ পূজাৰী আছিল মৃত নাৰায়ণ চক্ৰৱৰ্তী৷ কোনে কি কাৰণত হত্যা কৰিলে সেয়া ইমানদিনে সন্দেহৰ আবৰ্তত আছিল যদিও সম্প্ৰতি পত্নী মৌচুমী চক্ৰৱৰ্তীক গ্ৰেপ্তাৰ কৰিছে লতাশিল আৰক্ষীয়ে। প্ৰথমৰে পৰা পত্নী মৌচুমী সন্দেহৰ আওতালৈ আহিছিল কাৰণ তেওঁৰ কথাৰ খেলিমেলি পাইছিল আৰক্ষীয়ে।এই হত্যাকাণ্ডত মৌচুমীৰ সৈতে জড়িত আছে আৰু এজন লোক। সেই লোকজনৰ সন্ধানত আছে আৰক্ষী।

আৰু পঢ়কঃ পুনৰ ঘূৰি আহিব শৈশৱৰ সোণোৱালী দিন! আপোনাৰ সঁহাৰিত জী উঠিব টিংকল

পাণবজাৰ মহিলা থানাত ৰখা হৈছে মৌচুমীক।হত্যাকাৰীয়ে হত্যাকাণ্ড সংঘটিত কৰি পূজাৰীগৰাকীৰ মোবাইল ফোনটো লৈ গৈছিল। সেই মোবাইলটোৰ লাষ্ট লকেশ্বন দেখা গৈছিল আমবাৰীৰ লেম্ব ৰোডত। হত্যাকাণ্ডটোক ডকাইতিৰ ৰূপ দিয়াৰ চেষ্টা কৰা হৈছিল। কিন্তু পত্নীক সোধাপোচা কৰোতে সেয়া যে ডকাইতি কাণ্ড নহয় স্পষ্ট হৈ পৰে। পাৰিবাৰিক কাৰণতে এই নৃশংস হত্যাকাণ্ড সংঘটিত হৈছে বুলি প্ৰকাশ। উল্লেখ্য যে নাৰায়ণ চক্ৰৱৰ্তীৰ ঘৰ কোচবিহাৰত। পত্নীৰ ঘৰ বক্সিহাতত (অসম বেংগল সীমান্ত)৷ ১৪ বছৰীয়া আৰু ৪বছৰীয়া দুজনী কন্যা সন্তানৰ পিতৃ আছিল মৃত চক্ৰৱৰ্তী।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular