spot_img
21 C
Guwahati
21 C
Guwahati
বুধবাৰ, জানুৱাৰী 26, 2022
Homeআন্তঃৰাষ্ট্ৰীয়কাৰাগাৰত কয়দীৰে প্ৰেম মহিলা বিচাৰকৰ, চিচিটিভিত বন্দী প্ৰেম-ৰোমাঞ্চৰ গোপন ভিডিঅ’

কাৰাগাৰত কয়দীৰে প্ৰেম মহিলা বিচাৰকৰ, চিচিটিভিত বন্দী প্ৰেম-ৰোমাঞ্চৰ গোপন ভিডিঅ’

ডিজিটেল ডেস্কঃ কাৰাগাৰৰ ভিতৰত সংঘটিত হৈছে এক আচৰ্যকৰ ঘটনা। এজন কুখ্যাত কয়দীৰ প্ৰেমত পৰিছে এগৰাকী মহিলা বিচাৰক। কেৱল প্ৰেমত পৰাই নহয়। ক্ষমতাৰ অপব্যৱহাৰ কৰি কয়দীজনৰ শাস্তি হ্ৰাস কৰিবলৈও কুন্ঠাবোধ কৰা নাই এইগৰাকী মহিলা বিচাৰকে। কাৰাগাৰৰ কয়দীজনৰ সৈতে ৰোমাঞ্চ কৰাতো ব্যস্ত হৈ পৰে মহিলা বিচাৰকজনে। চিচিটিভিত বন্দীহোৱা সমগ্ৰ ঘটনাৰ ভিডিঅ’ এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। ব্ৰিটিছ সংবাদ মাধ্যম ডেইলী মেইলৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য। ঘটনাটো আৰ্জেণ্টিনাৰ দক্ষিণ চুবুট প্ৰদেশৰ ট্ৰেলিউত সংঘটিত হৈছে বুলি জানিবলৈ পোৱা গৈছে। চিচিটিভি ফুটেজত বিচাৰক মাৰিয়েল চুয়াৰেজে কাৰাগাৰত বন্দী খ্ৰীষ্টান বুষ্টোছৰ সৈতে ৰোমাঞ্চ কৰা দেখা গৈছে। ২৯ ডিচেম্বৰৰ ঘটনাটো শেহতীয়াকৈ পোহৰলৈ আহিছে।

ডেইলী মেইলৰ বাতৰি অনুসৰি, ২০০৯ চনত এগৰাকী আৰক্ষী বিষয়াক হত্যা কৰাৰ অপৰাধত বুষ্টোজক আটক কৰা হৈছিল। সেই সময়ত পেনেলৰ বিচাৰকে বুষ্টোজক যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ সিদ্ধান্ত লৈছিল। মাৰিয়েল চুয়াৰেজেই আছিল একমাত্ৰ বিচাৰক যিয়ে বুষ্টোজৰ যাৱজ্জীৱন কাৰাদণ্ডৰ তীব্ৰ বিৰোধীতা কৰিছিল। অৱশ্যে, মাৰিয়েলৰ নিৰন্তৰ অহোপুৰুষাৰ্থৰ পাছতো বুষ্টোজৰ বিৰুদ্ধে থকা অভিযোগ সন্দেহাতীতভাৱে প্ৰমাণিত হৈছিল। বিহা হৈছিল যাৱজ্জীৱন কাৰাদণ্ড। ইফালে, চিচিটিভিত বন্দী হোৱা ফুটেজটো ভাইৰেল হোৱাৰ পাছত কৰ্তৃপক্ষই ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে। চুবুটৰ চুপিৰিয়ৰ আদালতে বিচাৰকগৰাকীৰ এনে আচৰণক অনৈতিক আখ্যা দিছে। কয়দীজনৰ সৈতে বিচাৰকগৰাকীয়ে কি পৰিস্থিতিত, কেনেদৰে লগ পাইছিল সেয়া সঠিককৈ জানিবলৈ তদন্ত আৰম্ভ কৰা হৈছে বুলিও জানিবলৈ পোৱা গৈছে। অৱশ্যে, বিচাৰকজনে এই সন্দৰ্ভত কোনোধৰণৰ মন্তব্য কৰাৰ পৰা বিৰত আছে।

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular