মাচুল বৃদ্ধি : ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰিলে চৰকাৰে

গুৱাহাটী : ৰাজ্যৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ মাচুল বৃদ্ধি নিয়ন্ত্ৰণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে৷ চৰকাৰে৷ মাচুল বৃদ্ধিৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ এখন কমিটীয়ে নিৰূপণ কৰি দিয়া অনুসৰিহে শিক্ষানুষ্ঠানসমূহে মাচুল ল’ব পাৰিব এতিয়াৰ পৰা৷

আৰু পঢ়িব পাৰিব: এন বীৰেন সিং সুৰক্ষিত : আস্থাৰ ভোটত বিজয়ী মণিপুৰৰ বিজেপি চৰকাৰ


সোমবাৰে খানাপাৰাস্থিত অসম প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ অধ্যক্ষতাত অনুষ্ঠিত মন্ত্রী পৰিষদৰ এখন গুৰুত্বপূর্ণ বৈঠকত ‘আছাম নন–গৱর্নমেণ্ট এডুকেচন ইনষ্টিটিউট (ৰেগুলেচন অব ফীজ) ৰুলছ–২০২০’ত অনুমোদন জনায়৷ শিক্ষামন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ইয়াৰ বাবে দুখন কমিটী থাকিব বুলি জানিবলৈ দিয়ে৷ ইয়াৰে এখনে মাচুল নির্ধাৰণ কৰিব আৰু আনখনত আপীল কৰিব পাৰিব৷

আৰু পঢ়িব পাৰিব: ভক্ষকেই ৰক্ষক! মানস ৰাষ্ট্ৰীয় উদ্যানক সুৰক্ষা দিছে চোৰাং চিকাৰীয়ে

মন্ত্ৰী শৰ্মাই কয়, ‘প্রতিখন শিক্ষানুষ্ঠানে নিজৰ আন্তঃগাঁথনি আদিৰ বিষয়ে জমা দি কমিটীখনৰ পৰা মাচুল অনুমোদন কৰাব পাৰিব৷ তেওঁলোকৰ শীত–তাপ নিয়ন্ত্রিত ব্যৱস্থা আছে নে নাই, বাছ আছে নে নাই, শিক্ষক কিমান আছে, বিদ্যুৎ সংযোগ আছে নে নাই, বিদ্যালয় গৃহ আছে নে নাই, শিক্ষকক দৰমহা কিমান দিয়ে এই সকলোবোৰ চাই আমি মাচুল নির্ধাৰণ কৰিম৷’ যদিহে এই ক্ষেত্ৰত তেওঁলোক সন্তুষ্ট নহয় তেন্তে এজন অৱসৰপ্রাপ্ত ন্যায়াধীশৰ অধীনত আন এখন কমিটী থাকিব৷ তাত আপীল কৰিব পাৰিব বুলি লগতে জনায়৷

আৰু পঢ়িব পাৰিব: ঐতিহাসিক গৌৰীসাগৰ পুখুৰীৰ সৌন্দৰ্যবৰ্ধনৰ নামত অনিয়মৰ অভিযোগ


মাচুল নিজ ইচ্ছামতে ব্যক্তিগত শিক্ষানুষ্ঠানসমূহে বৃদ্ধি কৰাক লৈ দীৰ্ঘদিন ধৰি বহু অভিযোগ উত্থাপিত হৈ আহিছিল৷ তাৰেই পৰিপ্ৰেক্ষিতত চৰকাৰে এই দুখন কমিটী গঠন কৰা বুলি জানিব পৰা গৈছে৷

Show More

Related Articles

Back to top button
Live Updates COVID-19 CASES