spot_img
32 C
Guwahati
Monday, September 27, 2021
spot_img
Homeৰাষ্ট্ৰীয়দেশৰ কি কি সম্পদ ব্যক্তিগত খণ্ডক গটোৱাৰ সিদ্ধান্ত কেন্দ্ৰৰ?

দেশৰ কি কি সম্পদ ব্যক্তিগত খণ্ডক গটোৱাৰ সিদ্ধান্ত কেন্দ্ৰৰ?

নতুন দিল্লী : দেশৰ সম্পদ ব্যক্তিগত খণ্ডক গটোৱাৰ সিদ্ধান্ত কেন্দ্ৰৰ৷ নেচনেল মনিটাইজেশ্যন পাইপলাইন আঁচনিৰ ঘোষণা অনুসৰি দেশৰ সম্পদ লীজত দি ঘটিব ৬লাখ কোটি টকা৷ কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ এই ঘোষণাক লৈ এতিয়া দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷

বিত্তমন্ত্ৰীয়ে কৰা ঘোষণা অনুসৰি পুঁজিপতিক গটাব ৪০০টা ৰে’ল ষ্টেচন, ৯০খন ৰে’লসহ ১৬০টা কয়লা খনিও দিয়া হ’ব ব্যক্তিগত খণ্ডক৷ আগন্তুক ৪ বছৰৰ ভিতৰত সম্পূৰ্ণ হ’ব সম্পদ অধিগ্ৰহণ প্ৰক্ৰিয়া৷ নিৰ্দিষ্ট ৰে’লপথ, কোংকান ৰে’লৱে ব্যক্তিগতকৰণ কৰা হ’ব৷

দেশৰ ১৫খন ৰে’লৱে ষ্টেডিয়ামো লীজত দিয়া হ’ব৷ ব্যক্তিগতকৰণৰ তালিকাত দাৰ্জিলিঙৰ ‘টয় ট্ৰেইনো’ অন্তৰ্ভুক্ত হৈছে৷ লগতে ব্যক্তিগত খণ্ডক ২৫টা বিমানবন্দৰ দিয়া হ’ব বুলিও জানিবলৈ দিয়ে৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
haze
32 ° C
32.4 °
32 °
66 %
2.1kmh
40 %
Mon
34 °
Tue
32 °
Wed
27 °
Thu
31 °
Fri
31 °

Watch latest Movies & TV Series on Prag Play

Most Popular