Google search engine
29 C
Guwahati
Monday, August 2, 2021
Google search engine
Homeআঞ্চলিক"মহাভাৰততো মামা আছিল, অসমতো মামা আছে" - প্ৰিয়ংকাৰ কটাক্ষ !

“মহাভাৰততো মামা আছিল, অসমতো মামা আছে” – প্ৰিয়ংকাৰ কটাক্ষ !

গুৱাহাটী : অসমত হেভীৱেট নেতাৰ প্ৰচাৰ অভিযান অব্যাহত আছে৷ আজি তিনিটাকৈ স্থানত নিৰ্বাচনী ৰণডংকা বজাইছে প্ৰিয়ংকা গান্ধীয়েও৷ সৰুপথাৰ, কলিয়াবৰ, বটদ্ৰৱাত নিৰ্বাচনী প্ৰচাৰ চলাইছে প্ৰিয়ংকাই৷ সৰুপথাৰত ৰ’জলীনা তিৰ্কীৰ হৈ প্ৰচাৰ চলায় প্ৰিয়ংকাই৷

আৰু পঢ়িব পাৰিব : হাইলাকান্দিত ভয়ংকৰ পথ দুৰ্ঘটনাঃ মৃত ১, আহত কেইবাজনো

নিৰ্বাচনী সভাত অংশ লৈ প্ৰিয়ংকাই বিজেপি মাফিয়াৰ দৰে চলিছে, অসমত বিজেপি চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ বুলি কয়৷ তদুপৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মামা সম্বোধন কৰাক লৈ কটাক্ষ কৰি নেত্ৰীগৰাকীয়ে কয় যে মহাভাৰততো মামা আছিল, অসমতো মামা আছে৷

আৰু পঢ়িব পাৰিব : ‘কা’ বলবৎ হ’বই : পশ্চিমবংগত বিজেপিৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি

ইয়াৰ উপৰি কংগ্ৰেছৰ ৫টা গেৰাণ্টীৰ কথাও প্ৰচাৰ অভিযানত উল্লেখ কৰিলে প্ৰিয়ংকা গান্ধীয়ে৷ সভাত ‘কা’ বলবৎ হ’ব নিদিও বুলি মন্তব্য প্ৰকাশ কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ অৱদানৰ কথাও দোহাৰে৷ তেওঁ কয়, ‘তৰুণ গগৈয়ে অসমৰ বাবে দিনে-নিশাই কাম কৰিছিল৷ বাট-পথ, দলঙৰ কাম গগৈয়ে আৰম্ভ কৰিছিল৷’

RELATED ARTICLES

Today's Weather

Guwahati
mist
29 ° C
29 °
29 °
79 %
1.5kmh
75 %
Mon
29 °
Tue
30 °
Wed
32 °
Thu
32 °
Fri
34 °

Watch latest Movies & TV Series on Prag Play

Most Popular